অসমউত্তৰ পূবযুৱশীৰ্ষ

অগ্নিগৰ্ভা ডিমা হাছাওৰ ৰাজপথত উৰিল ক’লা পতাকা;মাইবং কাণ্ডৰ ক্ষোভ অব্যাহত

খেৰণিৰপৰা কনক দেউৰী;প্ৰথম খবৰ:নাগালিমক লৈ অগ্নিগৰ্ভ পাৰ্বত্য জিলা ডিমা হাছাও। নাগালিম চুক্তিৰ খৱৰেই যেন পাহাৰীয়া জিলাখনত হিংসাত্মক ঘটনা-প্ৰতিবাদৰ সূত্ৰপাত ঘটালে। আৰ এছ এছৰ উত্তৰ-পূৱৰ সাংগঠনিক দায়িত্বত থকা জগদম্বা মলৰ বিতৰ্কিত মন্তব্য তথা ডিমা হাছাওক নাগালেণ্ডৰ অন্তৰ্ভুক্তীকৰণৰ চেষ্টাৰ প্ৰতিবাদত হঠাৎ উত্তাল হৈ পৰিলে ডিমা হাছাওৰ বিভিন্ন প্ৰান্ত। নাগালিমৰ বিৰোধিতাত আনকি বৃহস্পতিবাৰৰ দিনা জিলাখনৰ পাঁচ সংগঠনেও দিয়ে ১২ ঘন্টীয়া জিলা বন্ধৰ ঘোষণা। আৰু এই বন্ধৰ মাজতেই ডিমা হাছাওবাসীয়ে মাইবঙত ৰূপায়ন কৰে ৰেলপথ অৱৰোধ কাৰ্যসূচী। আৰু এই ৰেলপথ অৱৰোধতেই সৃষ্টি এক ভয়ানক হিংসাত্মক ঘটনা। ঘটনাত তথা মাইবং কাণ্ডত আৰক্ষীৰ গুলিত প্ৰাণ যায় দুজনকৈ প্রতিবাদী সদস্যৰ তথা নিৰীহ লোকৰ। ইয়াৰ পাছতেই সমগ্ৰ ডিমা হাছাওত সৃষ্টি হয় এক চেপা-উত্তেজনা, বলবৎ হয় সান্ধ্যা আইন, জিলা বন্ধৰ ঘটনা আদি। ডিমা হাছাওত ৬৯ সংখ্যক গণৰাজ্য দিৱস পালনৰ বিপৰীতে ধাৰাবাহিকভাৱে পুনৰ ৪৮ ঘন্টীয়া জিলা বন্ধৰ আহ্বান জনায় ডিমা হাছাওবাসীয়ে৷প্ৰায় সম্পূৰ্ণৰূপে বৰ্জন কৰে গণৰাজ্য দিৱস পালন কাৰ্যসূচী উল্লেখিত জিলাখনত, সৰ্বাত্মকৰূপত পৰিলক্ষিত হয় বন্ধৰ প্ৰভাৱ। বিপৰীতে ডিমা হাছাওত জাতীয় পতাকাৰ সলনি ৰাজপথত উৰে ক’লা পতাকা। মুঠতে মাইবং কাণ্ডত মিঠুঞ্জয় দিব্ৰাগেদে আৰু প্ৰৱান্ত হাগমাওছা নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ডিমা হাছাওৰ দিয়ুংব্ৰা, মাণ্ডাদিছা আৰু আন বহু স্থানত মূৰত ক’লা ফিটা বান্ধি উত্তোলন কৰে ক’লা পতাকা ডিমা হাছাওবাসীয়ে। আনকি দিয়ুংব্ৰাত নিহতদ্বয়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে ৰাজপথতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাওবাসীয়ে, মাইবং কাণ্ডত আঁহত হোৱা লোকসকলৰ বাবে সংগ্রহ কৰে আর্থিক সাহাৰ্য উক্ত অঞ্চলৰ পৰা দিয়ুংব্ৰা ৰাইজে। ইফালে দিয়ুংব্ৰাৰ একাংশই দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সনোৱাল, আৰক্ষী অধীক্ষক, জিলা উপায়ুক্তৰ বিৰুদ্ধে ব্যাপক অভিযোগ তোলাৰ লগতে এওঁলোকেই মাইবং কাণ্ডৰ মূলতে জগৰীয়া বুলি মতপোষণ কৰিছে।অতি শীঘ্ৰে উক্ত ঘটনাৰ উচিত তদন্ত কৰি ন্যায়িক ব্যৱস্থাৰে দুষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে আঁহত-নিহত পৰিয়ালক ক্ষতি পূৰণৰ দাবী জনাইছে চৰকাৰক ডিমা হাছাওবাসীয়ে। আন একাংশই এইবুলি কৈও নিজৰ ক্ষোভ উজাৰিছে যে নাগালিমক লৈ ইতিমধ্যে দুজনে প্ৰাণ আহুতি দিলে,গতিকে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে জানি থোৱা ভাল যে প্ৰয়োজন হলে পুনৰ প্ৰাণ দিম বহুজনে কিন্তু এক ইঞ্চি মাটিও নিদিওঁ নাগালেণ্ডক ডিমা হাছাওবাসীয়ে।

Related Articles

Leave a Reply

Close