অসমশীৰ্ষ

অনিৰ্দিষ্ট কালৰ বাবে টিংখাঙৰ ১১ নং অইলখাদ অৱৰোধ ৰাইজৰ

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:সৰ্বসাধাৰণক প্ৰতিশ্ৰুতি দি অইল ইণ্ডিয়া লিমিটেডে কৰি  অহা প্ৰতাৰণাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে গঞা ৰাইজ। দশক দশক ধৰি খনন কাৰ্যৰ জৰিয়তে কোটি কোটি টকা মুনাফা লাভ অব্যহত ৰখা বৃহৎ তেল উদ্যোগটোৰ বিৰুদ্ধে সমাজৰ হকে উন্নয়নমূলক কাম নকৰাৰ অভিযোগ সততে উত্থাপন হৈ আহিছে।যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত অইল ইণ্ডিয়াই ৰাজ্যৰ চাহ বাগিছাকেধৰি বিভিন্ন অঞ্চলত স্থাপন কৰা বৃহৎ বৃহৎ তেল উদঘাটন কেন্দ্ৰসমূহ শোষিত বঞ্চিত ৰাইজে অৱৰোধ তথা বন্ধ কৰিবলৈ বাধ্য হৈ অহিছে। স্থায়ী নিযুক্তিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত অজি পুনৰ তেল অধ্যুষিত টিংখাঙৰ লাটুমনি গাঁৱস্থিত শালমাৰী অইল কেন্দ্ৰৰ অধিনৰ ১১ নম্বৰ তেল খাদটো ৰাইজে অনিৰ্দিষ্ট কালৰ বাবে অৱৰোধ কৰিছে। উল্লেখযোগ্য যে নশ্ৰীপুৰীয়া, শুকান পথাৰ আৰু  লাটুমনি গাঁৱৰ প্ৰদিপ দিহিঙীয়া, বলিন চেতীয়া, কন্ঠ কুলি গঞা, কামেশ্বৰ মহতু, চনিৰাম গগৈ, বীজু মূড়া, নাৰায়ণ তাঁতি আৰু দিপু গগৈ এই ৮ জনে বিগত ষোল্লবছৰ ধৰি ১১ নম্বৰ তেলখাদটোত দিনে নিশাই কৰ্মৰত হৈ আছে । কিন্তু  প্ৰতিশ্ৰুতি দিও এই সকলক অজি পৰ্যন্ত অইল কৰ্তৃপক্ষই স্থায়ী নিযুক্তকৰণ নকৰিলে। আশ্বৰ্য্যজনক  যে তেল খাদটোত দৈনিক ১৩৭ টকা পাৰিশ্ৰমিকৰ বিনিময়ত এই আঠগৰাকীয়ে ছিকিউৰিটি হিচাবে কৰ্মৰত যদিও তেওলোকৰ মাহিলি দৰমাহা দুলীয়াজান অইল কৰ্তৃপক্ষই তিনিআলি চাহ বাগিছাৰ জৰিয়তে আদায় দি আহিছে । এনেক্ষেত্ৰত এই শ্ৰমিককৈইজন  দুবিধাত পৰিছে যে তেওলোক প্ৰকৃততে তিনিআলি চাহ বাগিছাৰ শ্ৰমিক নে অইল ইণ্ডিয়াৰ ছকিউৰিটি গাৰ্ড । কাৰণ ৰেচনৰ সন্দৰ্ভত বাগিছালৈ গলে পৰিচালকে  অইল কৰ্তৃপক্ষৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দয়ে বুলি তেওলোকে জানিবলৈ দিয়ে। বৰ্তমান অাকাশলংঘী মূল্য বৃদ্ধিৰ সময়ত মাহিলি সামান্য মজুৰিৰ বিনিময়ত অইলৰ দৰে  এটা বৃহৎ কোম্পানীত সম্পত্তি ৰক্ষাৰ দায়িত্ব পালন কৰিও পৰিয়াল পোহপাল দিয়াত হাবাথুৰি খাই এতিয়া এইসকলৰ ভৱিষ্যত অনিশ্চিয়তাই দেখা দিছে। ভৱিষ্যত সুনিশ্চিত আৰু উচিত মজুৰি বিচাৰি কেইবাবাৰো আবেদন জনোৱাৰ পাছতো তেওলোকৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে অইল কৰ্তৃপক্ষই ।সেয়ে উচিত ন্যায় বিচাৰি ৰাইজৰ সহযোগত শ্ৰমিকসকলে আজিৰে পৰা ১১ নম্বৰ তেলখাদটোৰ প্ৰৱেশদ্বাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়ে । অৱৰোধস্থলীত টিংখাং আৰক্ষীৰ এটা দল উপস্থিত হৈ বুজ লয় যদিও নিজৰ স্থিতিত অটল থাকে প্ৰতিবাদকাৰীসকল।এই আঠগৰাকী শ্ৰমিকৰ স্থায়ী কৰণৰ ক্ষেত্ৰত দুলীয়াজান শাখা অইল কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে আহি থকা সময়ত সেয়াহে হ’ব লক্ষ্যণীয়।

Related Articles

Leave a Reply

Close