অসম

কাৰ্বি আংলঙৰ কলঙাত আলোচনাপন্থী কে পি এল টি-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন 

প্ৰথম খবৰ,খেৰণি: আলোচনাৰত থকা কে পি এল টি (কাৰ্বি পিপল লিবাৰেচন টাইগাৰ) নামৰ কাৰ্বি সশস্ত্ৰ সংগঠনৰ আজি অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় কাৰ্বি পাহাৰত। পশ্চিম কাৰ্বি আংলঙৰ কলঙাত অৱস্থিত অস্থায়ী শিবিৰত উদযাপন কৰে এই দিৱস উক্ত আলোচনাপন্থী কাৰ্বি সশস্ত্ৰ সংগঠনটোয়ে। পৰিপ্ৰেক্ষিতত উদযাপিত স্থানত সংগঠনৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দনৰী ক্ৰামছাই। পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ গাওঁবুঢ়া সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয়। সাংবাদিকৰ সৈতে হোৱা কথাবার্তাত কে পি এল টি-ৰ সহ সম্পাদক চং ৰিছ ক্র নিহাঙে কয় যে স্বায়ত্ব শাসিত ৰাজ্য দাবী কাৰ্বি ৰাইজৰ নায্য দাবী বুলি উল্লেখ কৰে। ভাৰতীয় সংবিধানত সন্নিবিষ্ট থকা Article 244(A) মতে কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুয়োখন জিলাক সামৰি এখন স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰিব পাৰে বুলি উল্লেখ আছে। কিন্তু ৰাজ্য কিম্বা কেন্দ্ৰীয় চৰকাৰে পাৰ্বত্য ৰাইজক আভুৱা ভৰি প্ৰাপ্য অধিকাৰ আৰু দাবীসমূহৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰিছে। গতিকে চৰকাৰে কে পি এল টি য়ে দাবী কৰা সন্দৰ্ভত সৈমান নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে উল্লেখিত নেতাগৰাকীয়ে। তেওঁ লগতে কৈ যে কে পি এল টি-য়ে বৃহত্তৰ পাৰ্বত্য ভূমি ৰাইজৰ স্বাৰ্থতে সকলো ত্যাগ স্বীকাৰ কৰি অস্ত্ৰ তুলি সংগ্ৰাম কৰিছিল। গতিকে তেওঁ লোকৰ দাবী পুৰণৰ বাবে কাৰ্বি আংলঙৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে কে পি এল টি-ৰ সহ সম্পাদক গৰাকীয়ে।

উল্লেখ যে পাৰ্বত্য ভূমিত এসময়ত সন্ত্ৰাসৰ সৃষ্টি কৰা অস্ত্ৰধাৰী সংগঠন ইউ পি ডি এছ আৰু কে এন এল এফ য়ে যুদ্ধ বিৰতিৰ লৈ চৰকাৰৰ সৈতে আলোচনাৰ মজিয়াত অহাৰ পিছতেই কে পি এল টি নামেৰে জন্ম লাভ কৰে আন এটা অস্ত্ৰধাৰী সংগঠনে আৰু ক্ৰমান্নয়ে পাহাৰীয়া জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ ধৰে। কিন্তু পৰৱৰ্তী কালত কে পি এল টি সংগঠনেও যুদ্ধ বিৰতি লৈ চৰকাৰ সৈতে আলোচনা মিলিত হয়।

Related Articles

Leave a Reply

Close