অসমআন্তঃৰাষ্ট্ৰীয়উত্তৰ পূবগুৱাহাটীযুৱৰাষ্ট্ৰীয়

চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক খুমটাই চিনাতলীত সম্বৰ্ধনা

প্ৰথম খবৰ,খুমটাই:বহ্নিমানৰ যোগেদি অসমীয়া ছৱিজগতত এক বিশেষ স্থান দখল কৰা চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাক তেওঁৰ জন্মস্থান খুমটাই চিনাতলীত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিনাতলী উচ্চ মাধ্যমিক বিদ্যালয় আৰু প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংগঠনে সম্বৰ্ধনা জনায়।

আজি সম্বৰ্ধনা অনুষ্ঠানত শিক্ষাগুৰু সকলৰ উপৰিও বৰাৰ পিতৃ পূৰ্ণ বৰাও উপস্থিত থাকে।হাইস্কুলীয়া শিক্ষা জীৱন পাতনি মেলা চিনাতলি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে চন্দন গছৰ পুলি ৰোপন কৰে।বৰ্তমান ৰক্তবীজ আৰু ফেহুঁজালি নামৰ দুখন চিনেমাত ব্যস্ত থকা বৰাই অতি সোনকালে ৰাইজৰ মাজলৈ অহাৰ কথা উল্লেখ কৰে।নিজৰ আপোন গাওঁখনত থকা প্ৰতিভা সম্পন্ন যুৱক-যুৱতীসকলক ভৱিষ্যতে সুযোগ দিয়াৰ কথাও উল্লেখ কৰে পৰিচালক গৰাকীয়ে।অসমীয়া ছৱিজগতৰ লগতে বলীউদতো এক বিশেষ স্থান দখল কৰা সুদক্ষ পৰিচালক গৰাকীক জন্মস্থানত সম্বৰ্ধনা জনোৱাত পৰিচালক গৰাকীক যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে।

Related Articles

Leave a Reply

Close