অসম

ছৈখোৱাত কম্বল বিতৰণক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতি:খণ্ড উন্নয়ন কাৰ্যালয়ত ক্ষুব্ধ ৰাইজে ওলমালে তলা

প্ৰথম খবৰ,তালাপ: দৰিদ্র লোকৰ মাজত বিতৰণৰ বাবে অহা কম্বল বিতৰণক কেন্দ্ৰ কৰি আজি ছৈখোৱা খণ্ড উন্নয়ন কাৰ্যালয়টো উত্তাল কৰি তোলে একাংশ স্থানীয় ৰাইজে। বিগত কেইদিনত বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ চুড়ামণি শৰ্মা নামৰ লোকজনে কাৰ্যালয়টোৰ পৰা কম্বল বিতৰণ কৰি আহিছিল। কিন্তু এই কম্বলবোৰ সম বিতৰণ নোহোৱাত তথা ৰাজনীতিকৰণ হোৱাত ক্ষুব্ধ হৈ পৰে একাংশ ৰাইজ। তাৰেই বহিঃপ্রকাশ ঘটি আজি বিয়লি কাৰ্যালয়টো তলা মাৰি দিয়ে। উক্ত কাৰ্যালয়টোৰ পৰা বিতৰণ হৈ থকা কম্বলখিনি কোনটো চৰকাৰী আঁচনিৰ বুলি প্ৰশ্ন তুলিছে ৰাইজে। ইফালে বিজেপিৰ এটা দলীয় সুত্ৰই এই কম্বলখিনি বিজেপিৰ চাহকোষৰ জৰিয়তে বিতৰণৰ বাবে অহা বুলি জনায়। সেয়ে হ’লে দলীয়ভাৱে বিতৰণৰ বাবে অহা সামগ্ৰীবোৰ দলীয় কাৰ্যালয়ত নেৰাখি চৰকাৰী কাৰ্যালয়ত সোমালেহি কিয় আৰু যদিহে এই কম্বলখিনি চৰকাৰী আঁচনিৰ তেনেহলে দলীয় লোকৰ দ্বাৰা বিতৰণ কৰা হৈছে বুলি গুৰুত্বৰ প্ৰশ্ন তুলিছে ক্ষোভিত ৰাইজে। ইফালে কাৰ্যালয় বন্ধ হোৱাৰ পাছতো নিশালৈকে এই বিতৰণ চলি থকা প্ৰতক্ষ কৰাৰ লগতে নিশা দেৱাল পাৰকৰি বস্তাই বস্তাই কম্বল পাৰ কৰি নিয়া ৰাইজে প্ৰতক্ষ কৰাৰ কথা লিখিত ভাবে উন্নয়ন বিষয়াক জনাইছে। এই ঘটনাৰ পাছত খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে চুড়ামণি শৰ্মা নামৰ লোকজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি বিফল হোৱাৰ বাবে ঘটনাৰ প্ৰকৃত ৰহস্য জানিব পৰা নগ’ল।

Related Articles

Leave a Reply

Close