অসম

টাইপণ্ডিত ভদ্ৰেশ্বৰ দেওধাই ফুকনৰ ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন,স্মৃতি সংৰক্ষণ সমিতি গঠন

 

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ মাহমৰা অঞ্চলৰ সদ্যপ্ৰয়াত বিশিষ্ট টাই পণ্ডিত ডামচাও ভদ্ৰেশ্বৰ দেওধাই ফুকনৰ ৰাজহুৱা স্মৃতিচাৰণ সভা আজি মাহমৰাৰ মানিকী বুঢ়াগোঁহাইবাৰীস্থিত পণ্ডিত গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত হয়।এই উপলক্ষ্যে পুৱা অসম টাই পণ্ডিত পৰিষদৰ ম’লুঙ নৃপেন মহন আৰু হেমকান্ত বৰুৱাই মৈডাম তৰ্পণ কৰাৰ পাছত দুপৰীয়া ৰাজহুৱা স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হয়।টাই আহোম উন্নয়ন পৰিষদৰ প্ৰাক্তন উপাধক্ষ্য জীৱেশ্বৰ মহনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত টাই অধ্যয়ণ আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° গিৰিণ ফুকন,ফুৰালুং সংঘৰ সভাপতি জ্ঞানানন্দ ফুকনৰ উপৰি  বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিক্ষক ৰাণা মহন বৰুৱাই আঁত ধৰা সভাত সমাজকৰ্মী কমল চন্দ্ৰ মহুঙ, উত্তম গগৈ, অধ্যক্ষা বিজয়া কোঁৱৰ বৰুৱা, নন্দেশ্বৰ ফুকন পলস নাট্য মঞ্চৰ সঞ্চালক দ্বিপেন কুমাৰ বৰুৱাই ভাষণ প্ৰদান কৰি বিশিষ্ট টাই পণ্ডিত গৰাকীৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰাৰ লগতে কবি নোমল চেতিয়াই টাই পণ্ডিত গৰাকীৰ সম্পৰ্কে ৰচনা কৰা এটি কবিতা পাঠ কৰে।সভাত ভাষণ প্ৰদান কৰি সভাপতি জীৱেশ্বৰ মহনে টাই আহোমৰ ঐতিহ্য-পৰম্পৰাক ধৰি ৰখা টাই আহোমৰ পণ্ডিত সকলৰ স্মৃতি সংৰক্ষণ সময় আহি পৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত আহোম জনগোষ্ঠীৰ যুৱ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “খাম টঙ চাউ” নামৰ স্মাৰক গ্ৰন্থখন উন্মোচন কৰে প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সভাপতি তুলসী নেওগে।উল্লেখ্য যে উক্ত সভাতে বিশিষ্ট টাই পণ্ডিত গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহনক সভাপতি আৰু যুৱ নেতা দাদুল বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ স্মৃতি সংৰণ সমিতি গঠন কৰা হয়।

Related Articles

Close