অসম

ডুমডুমাত উপ-কোষাগাৰ উদ্বোধন কৰিলে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰথম খবৰ,তালাপ:ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত  বৃহৎ এলেকাৰ বাবে এটা উপ-কোষাগাৰৰ স্থাপনৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপিত হৈ অহাৰ পাছত আজি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি ডুমডুমা উপ-কোষাগাৰটোৰ দুৱাৰ মুকলি কৰে। এটা চমু অথচ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ সৈতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱা, ডুমডুমা আৰু শদিয়াৰ বিধায়কদ্বয় ক্ৰমে দুৰ্গা ভূমিজ আৰু বলিন চেতিয়াও উপস্থিত আছিল৷ ডুমডুমা অঞ্চলৰ এটা দীৰ্ঘদিনীয়া অভাব আজি পুৰণ হোৱাত বিধায়ক দূৰ্গা ভূমিজে মন্ত্ৰী গৰাকীক প্ৰসংসা কৰাৰ লগতে ডুমডুমা এলেকাৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত চলি থকা কেইবাটাও অভাবৰ কথা আঙুলীয়াই দিয়াৰ লগতে এই অভাব সমূহ অতি শীঘ্ৰেই সমাধান কৰাৰ বাবে আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে কোষাগাৰটোৰ দুৱাৰ মুকলি কৰি দিয়া ভাষণত এই কোষাগাৰটোত শিক্ষা স্বাস্থ্য ৰাজহকে আদি কৰি ৪১ টা চৰকাৰী বিভাগৰ কাম সমাধা হ’ব বুলি জানিবলৈ দিয়ে৷

Related Articles

Leave a Reply

Close