অসমতিনিচুকীয়া

তিনিচুকীয়াত ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

প্ৰথম খবৰ,পেঙেৰী: গুৱাহাটীত আজিৰে পৰা মুখ্যমন্ত্ৰী ট্ৰফী চাহ বাগিছা ফুটবল প্ৰতিযোগিতা আৰম্ভ৷ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে চাহ বাগিছাৰ যুৱকসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী চাহ বাগিছা ফুটবল প্ৰতিযোগিতাৰ আজি তিনিচুকীয়া জিলাত শুভ উদ্ধোধন কৰে তিনিচুকীয়া সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশানে৷

এই উপলক্ষে তিনিচুকীয়াৰ বৰগুৰিস্থিত জানমুখ খেলপথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিধায়ক সঞ্জয় কিশানে খেলুৱৈসকলক উৎসাহিত কৰি এই ক্ৰীড়াৰ মঞ্চখনৰ পৰাই ৰাষ্ট্ৰীয় পয্যায়ৰ খেলুৱৈৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে৷আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিধায়কৰ উপৰিও তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম চৰন সিং,বিজেপি নেতা পুলক চেতিয়া,মাৰ্ঘেৰিটাৰ মহকুমাধিপতি বিক্ৰম কৈৰী উপস্থিত থাকে৷উদ্ধোধনী হিচাবে আজি কেহং চাহ বাগিছা আৰু টিংৰাই চাহ বাগিছা ফুটবল দলৰ মাজত ফুটবল খেল অনুষ্ঠিত হয়৷

Related Articles

Leave a Reply

Close