
দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:দৰং জিলাৰ বাবে সুখৰ কঢ়িয়াই আনিছে দৰংৰ হাজৰিকা পাৰাৰ জিয়ৰী প্ৰতীক্ষা ডেকাই। অসম দলক প্ৰতিনিধিত্ব কৰি মুম্বাইত অনুষ্ঠিত হোৱা নেচনেল কাৰাটে প্রতিযোগীতাত প্ৰতীক্ষাই দুটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উৰিষ্যা আৰু পাঞ্জাৱক পৰাস্ত কৰি সোণৰ পদক দুটা লাভ কৰিবলৈ সক্ষম হয় দৰংৰ হাজৰিকাপাৰাৰ
মীৰা ৰাজবংশীৰ ছোৱালী প্ৰতীক্ষা। প্ৰতীক্ষাৰ এনে সাফল্যত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।