অসম

দৰঙৰ ছিপাঝাৰ বড়াচুবাত স্থানীয় শিল্পীৰ নাট প্ৰদৰ্শন

দেওমৰনৈৰপৰা নিৰঞ্জন শ‌ইকীয়া,প্ৰথম খবৰ:গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বড়াচুবাত দুদিনীয়া কাৰ্যসূচীৰে স্থানীয় শিল্পীসকলে নাট মঞ্চস্থ কৰিলে।২৬ জানুৱাৰীৰ দিনা তেওঁলোকে অৱতাৰ সিংৰ ৰচিত নাট বনৰীয়া ছোৱালী মঞ্চস্থ কৰে।নাট উপভোগ কৰিবলৈ স্থানীয় দৰ্শকৰ উপৰিও দূৰ দূৰণিৰ বিভিন্ন লোকৰ সমাগম হয়।ভাম্যমান নাটকৰ নামী দামি অভিনেতা,বিগ বাজেট,বিজ্ঞাপনক ফেৰ মাৰি এনেদৰে স্থানীয় শিল্পীয়ে ৰাইজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বৰঙণিৰ দ্বাৰা উন্নত মানৰ নাট প্ৰদৰ্শন দেখি দৰ্শকসকল বিভূষিত হয়।লগতে এনেকুৱা নাট প্ৰদৰ্শনে সমাজত শান্তি সম্প্ৰীতি আৰু একতাৰ বান্ধোন শক্তিশালী কৰে বুলি স্থানীয় দৰ্শকে মত পোষণ কৰে।

Related Articles

Leave a Reply

Close