অসম

নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ভৱন উদ্বোধন

প্ৰথম খবৰ,নলবাৰী:আজি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। তদুপলক্ষে পুৱাৰ ভাগত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি হৰেকৃষ্ণ মেধিয়ে পৰিষদৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে নলবাৰী ছহিদ মাৰ্কেট পথত স্থাপন কৰা নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা,জিলা উন্নয়ন আয়ুক্ত নাদিৰা জেছমিন, কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক সভাপতি বাসৱ চন্দ্ৰ কলিতা,সম্পাদক প্ৰধান নগেন দাস,জিলা আৰক্ষী আধীক্ষক হেমন্ত ভট্টাচাৰ্য,কৰ্মচাৰী পৰিষদৰ নেতা বাণি শৰ্মা সহ বহু সংখ্যক লোক উপস্থিত থাকে। জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক উদয় বৰ্মনে আঁত ধৰা অনুষ্ঠানত ভৱনটো উদ্বোধন কৰি উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে কয় যে কৰ্মচাৰী পৰিষদৰ দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ’ল। এনে ক্ষেত্ৰত কৰ্মচাৰী সকলে জিলাখনত কৰ্ম সংস্কৃতি গঢ়ি তুলিব বুলিও আশা কৰে।

Related Articles

Leave a Reply

Close