অসমউত্তৰ পূবযুৱশীৰ্ষ

নাজিৰাত ড্ৰাগছ বিলাসী গাড়ীসহ ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ

প্ৰথম খবৰ;শিমলুগুৰি:শিৱসাগৰ জিলাৰ নাজিৰা কলেজ তিনিআলিত দেওবাৰে পুৱাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নাজিৰা কলেজ তিনিআলিৰ সমীপৰ এটা ভাড়াঘৰত গনেশ বাৰ্মা নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনে নিজৰ বাস গৃহত এটা ফ্ৰিজৰ তলৰ চেম্বাৰত লুকুৱাই ৰখা অৱস্থাত নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া আনন্দ টকবিয়ে গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ড্ৰাগছ মাফিয়া জনে যোৱা নিশা গুৱাহাটিৰ পৰা প্ৰায় ৫ লক্ষাধিক মূল্য ড্ৰাগছ মাফিয়া জনে নাজিৰালৈ সৰবৰাহ কৰি আনিছিল। ইফালে আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনৰ AS 04 N 2547 নম্বৰ বিলাসী গাড়ীখনতো অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং চিগাৰেটৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান নাজিৰা আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close