অসম

নিৰাশাৰ মাজত আশাৰ সঞ্চাৰ:চৰকাৰী সাহাৰ্য অবিহনে চলিছে শিলঘাটৰ মৰাপাট কল 

প্ৰথম খবৰ,নগাঁও: নগাঁও জিলাৰ কামপুৰ চেনী কল,ধিং ক্ৰাফট মিল,কাতিমাৰী বয়ন প্ৰকল্প, কলিয়াবৰ বিসহডুবিৰ বয়ন প্ৰকল্প আৰু জাগীৰোড কাগজ কলসহ ৰাজ্যৰ বহুকেইখন উদ্যোগ যি সময়ত মৃত্যু মুখত পৰিছে,ঠিক সেই সময়ত জিলাখনৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কল চৰকাৰী সাহাৰ্য অবিহনে এতিয়াও সুচল হৈ থকাটোৱে নিৰাশাৰ মাজত ৰাইজৰ মাজত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। তদানীন্তন ৰাজ্য চৰকাৰ,সমবায় সমিতি আৰু ব্যক্তিগত  অংশীদাৰ সকলৰ আৰ্থিক অংশৰে ৬০ৰ দশকৰ শেষৰ ফালে স্থাপন কৰা এই সমবায় ভিত্তিৰ মৰাপাট কলটোৱে ১৯৭১ চনতে উৎপাদন আৰম্ভ কৰে। আৰম্ভণিতে উদ্যোগটোৱে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছিল যদিও পৰবৰ্তী সময়ত প্ৰশাসনীয় অদক্ষতা আৰু দুৰ্নীতিৰ বাবে উদ্যোগটো ১৯৮৪ চনতে বন্ধ হৈ পৰে। ঐতিহাসিক অসম চুক্তিৰ আধাৰত ১৯৮৬ চনতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কিছু আৰ্থিক সাহাৰ্যত পুণৰ আৰম্ভ কৰা উদ্যোগটো বৰ্তমান চৰকাৰী সাহাৰ্য অবিহনে কেবাগৰাকী মৰাপাট বিশেষজ্ঞৰ নেতৃত্বত পৰিচালিত হৈ আছে। আনকি কৰ্মৰত কৰ্মচাৰীকে অন্যান্য ব্যয় বহন কৰিও উদ্যোগটোৱে প্ৰতিবছৰে বুজন পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ জৰিয়তে উদ্যোগটোৱে কৰ্মচাৰী সকলক নিয়মিত দৰমহা প্ৰদান কৰাৰ উপৰিও অৱসৰৰ পিছতো বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকৰ বাতৰি পেঞ্চনৰ ব্যৱস্থা আছে। ইয়াৰ বাবে প্ৰতি মাহে ১ কোটি ৩০ লাখ টকাৰ ব্যয় কৰা হয়। ইয়াৰ পিছতো ২০১৬-১৭ বিত্তীয় বৰ্ষত মৰাপাট কলটোৱে ৫ লাখ টকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে, উদ্যোগটোৱে নিয়মিত ভাবে বস্তা,ছুটলী,হেচিয়ান ক্লথ, লেমিলেটেড ক্লথ আদি উৎপাদন কৰি আহিছে।উৎপাদিত সামগ্ৰী সমুহ অসমৰ লগতে বহু কেইখন বহি:ৰাজ্যত বিক্ৰী হৈ আহিছে। মৰাপাট কলটোৰ পৰিচালন সঞ্চালক তথা বিশেষজ্ঞ গুণমনি গগৈয়ে জনোৱা মতে,মৰাপাট কল কৰ্তৃপক্ষই শিলঘাটৰ বিহডুবিত আন এটা প্ৰকল্প স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই প্ৰকল্পত তিনি শতাধিক নিৱনুৱাৰ নিযুক্তি লাভ কৰিব।

Related Articles

Leave a Reply

Close