অসম

নৱবৰ্ষৰ পহিলা দিনটোত অকণিৰ নৃত্য গীতেৰে মূখৰিত হ’ল ৰহা

প্ৰথম খবৰ,ৰহা:অসমৰ অন্যতম শিশুঅনুষ্ঠান অকণি কবিতাঘৰ অসমে আজি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে। পুৱা ২৫ গৰাকী শিশুৱে ২৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ২৫গছি বন্তি প্ৰজ্বলন কৰে ২৫ জন বয়োজেষ্ঠই৷ ইয়াৰ পাছতে আৰম্ভ হয় বৰ্নাঢ্য  সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা মুকলি কৰে নগাওঁ জিলাৰ উপায়ুক্ত চমছেৰ সিঙে৷ ১১বজাৰ পৰা আৰম্ভ হয় মুকলি সভা৷ কমলচন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কবিতাঘৰ প্ৰকাশনৰ পৰা প্ৰকাশিত ৬খন গ্ৰন্থ উন্মোচন কৰা হয়৷ গ্ৰন্থ উন্মোচন কৰে জেষ্ঠ সাংবাদিক শিশু সাহিত্যিক বঁটা প্ৰাপ্ত যুগললোচন দাসে ৷

Related Articles

Leave a Reply

Close