অসম

নৱ প্ৰজন্মক মাথোঁ চাকৰি নহয়,সু নাগৰিক হোৱাৰ আহ্বান নাচৰিন হালিমৰ

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:পবিত্ৰ বটদ্ৰৱা থান আৰু দৌল মন্দিৰৰ নিচেই কাষতে ২০০৫ চনতেই প্ৰতিষ্ঠা লাভ কৰা বটদ্ৰৱা জাতীয় বিদ্যালয়ে সগৌৰৱে চৈধ্য টা বসন্ত পাৰ কৰি ভৰি দিলে পোন্ধৰ তম বৰ্ষত। ঐতিহাসিক অঞ্চল টিৰ এই বিদ্যালয়খনিয়ে আজিৰ এই শুভক্ষণত আয়োজন কিছু ব্যতিক্ৰমী কাৰ্য্যসূচীৰ। পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ পতাকা উত্তোলন কৰে “জাতীয় বিদ্যালয়:দলংঘাট”ৰ প্ৰধান শিক্ষয়ত্ৰী “নাচৰিন হালিমে”। পতাকা উত্তোলনৰ পিছতেই বিদ্যালয়খনৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে শাৰীৰিক কুচকাৱাজৰ।ইয়াৰে পিছতে আৰম্ভ হয় এখনি মুকলি সভা তথা বক্তৃতা অনুষ্ঠান। ভাষণ প্ৰসংগত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দণ্ডধৰ অধিকাৰী,অধ্যক্ষ দিলীপ বৰা,উপাধ্যক্ষ গিৰিশ বৰুৱা আৰু পতাকা উত্তোলনৰ দায়িত্বত থকা জাতীয় বিদ্যালয় দলংঘাট ৰ প্ৰধান শিক্ষয়ত্ৰী নাচৰিন হালিমে বিদ্যালয়খনৰ শৈক্ষিক সামাজিক দিশৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ উপৰত আলোকপাত কৰি দিয়া সাৰুৱা ভাষনেৰে উপস্থিত সকলোকে আপ্লুত কৰে।বিগত বৰ্ষত বিদ্যালয়খনে পাৰ কৰি অহা নানা উল্লেখযোগ্য ঘটনাৰাজীৰ ওপৰত গিৰিশ বৰুৱাই আগবঢ়োৱা সুন্দৰ অবলোকন আছিল অতিকৈ আকৰ্ষণীয়। তদুপৰি আজিৰ সভাতেই আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থকা জাতীয় বিদ্যালয় দলংঘাট ৰ সহ শিক্ষক মানস জ্যোতি মহন্তই আধুনিক শিক্ষা ব্যৱস্থাৰ উপৰত ব্যাখ্যা আগবঢ়াই।উল্লেখযোগ্য যে উক্ত আলোচনাচক্ৰৰ পিছতেই ছাত্ৰ ছাত্ৰীৰ মাজত ভিন্ন বিষয়ক বক্তৃতা প্ৰতিযোগিতা,প্ৰাৰ্থনা প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত সকলোৱে বিদ্যালয়খনৰ উত্তৰুত্ত্বৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close