অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি উপ-স্বাস্থ্য কেন্দ্ৰত পৰিত্যক্ত অৱস্থাত ঠিকনা বিহীন এজন লোকৰ মৃতদেহ,চিকিৎসাধীন অৱস্থাত মৃত্যু লোকজনৰ

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত খেৰণি উপ-স্বাস্থ্য কেন্দ্ৰত পৰিত্যক্ত অৱস্থাত আছে ঠিকনা বিহীন এজন লোকৰ মৃতদেহ, চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ। উল্লেখ্য যে যোৱা কেইবাদিন ধৰি সমগ্ৰ খেৰণি অঞ্চলত যতে-ততে কাম কৰি অঘৰী জীৱন যাপন কৰি অহা ঠিকনাবিহীন লোকজনক আজি হঠাৎ অসুস্থ অৱস্থাত খেৰণি পাব্লিক স্কুলৰ ছাত্ৰবাসৰ চৌহদত প্ৰত্যক্ষ কৰে। লগে লগে প্ৰত্যক্ষদৰ্শী লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। ইফালে প্ৰত্যক্ষদৰ্শী লোকে দায়িত্ব আৰু মানৱীয়তাৰ খাতিৰত খেৰণি উপ স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ বাবে লোকজনক লৈ আনে যদিও চিকিৎসাধীন অৱস্থাত লোকজনৰ মৃত্যু হয়। আনহাতে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে সুস্থ অৱস্থাত যতে-ততে কাম কৰি অঘৰী জীৱন যাপন কৰা প্রায় ৫০ বছৰীয়া লোকজনে পূৰ্বতে নিজকে যাদৱ উপাধিৰ বুলি পৰিচয় দিছিল অঞ্চলটোৰ ৰাইজক। কিন্তু তেওঁ ক’ৰ পৰা আহিছে, আত্মীয় লোক আছে নে নাই সেই সম্পৰ্কে কাকো জানিবলৈ দিয়া নাছিল যাদৱ উপাধিৰে মানুহক পৰিচয় দিয়া লোকজনে। পৰিপ্ৰেক্ষিতত ঠিকনা-পৰিচয় বিচাৰি বিপাঙত পৰিছে এতিয়া খেৰণি আৰক্ষীয়ে। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি। বৰ্তমান লোকজনৰ মৃতদেহ খেৰণি আৰক্ষীৰ জিম্মাত আছে আৰু মৰুণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close