অসম

পশ্চিম কাৰ্বি আংলঙৰ মুগাচঙত শাৰীৰিকভাৱে অক্ষম ছাত্ৰৰ প্ৰচেষ্টাত জ্যোতি শিশু পুস্তকালয় নামাকৰণেৰে গ্ৰাম্য পুস্তকালয় উন্মোচন

প্ৰথম খবৰ,খেৰণি:শাৰীৰিকভাৱে অক্ষম হোৱাৰ পাছতো প্ৰতিটো সমস্যা আৰু বাধাক প্ৰত্যাহ্বান জনায় জীৱন সংগ্ৰামত এক ব্যতিক্ৰমী পদক্ষেপেৰে জয়ৰ লগতে সফল হ’বলৈ আৰু শলাগ বুটলিবলৈ সক্ষম হোৱা বহু গুণৰ অধিকাৰী এজন যুৱক হৈছে পশ্চিম কাৰ্বি আংলঙৰ মুগাচং গাঁৱৰ নাৰায়ণ ভাণ্ডাৰী। সৰুতে মেলেৰিয়া তাইফত ৰোগত আক্ৰান্ত হোৱাৰ ফলত কথা কোৱাৰ অসুবিধা হোৱাৰ লগতে দৃষ্টিহীন-প্ৰায় অৱস্থাত আৰু কাণেৰে শুনা শক্তি হেৰুৱাই পেলাইছিল যুৱকজনে। কিন্তু এই দুয়োটা প্ৰবল বাধাক প্ৰত্যাহ্বান হিচাপে লৈ লাংফাংকী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা পাতনি মেলা যুৱকজনে এইবাৰ হোজাই কলেজৰ পৰা সু-খ্যাতিৰে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। কবিতা, গল্প,লগতে বিভিন্ন লেখা ভাল পোৱা শাৰীৰিক ভাৱে অক্ষম ছাত্ৰ নাৰায়ণ ভাণ্ডাৰীৰ সপোন আছিল তেওঁৰ নিজৰ গাঁৱখনত এখন পুথিভঁৰাল স্থাপন কৰা। শেহতীয়াকৈ বাস্তৱত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছে নাৰায়ণ ভাণ্ডাৰী সপোন। কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নাৰায়ণ ভাণ্ডাৰীৰ লুকাই থকা প্ৰতিভা আৰু ইচ্ছাৰ কথা দৃষ্টিগোচৰ হোৱাত ৮ লাখ টকাৰে নিৰ্মান সম্পূৰ্ণ হোৱাকৈ এখন পুথিভঁৰাল গৃহ নিৰ্মানৰ বাবে সাহাৰ্য প্ৰদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সেই উদ্দেশ্যে,লাংফাংকীৰ (মূগাছং) লাল প্ৰসাদ ভন্ডাৰী বাস গৃহত নাৰায়ণ ভন্ডাৰীৰ একল প্ৰয়াসত জিপাল হৈ উঠা শিশু পুস্তকালয় হিচাপে জ্যোতি শিশু পুস্তকালয় নামেৰে এখন পুস্তকালয়ৰ শুভ আৰম্ভণি কৰা হয়। টুমপ্ৰেঙৰ বিশিষ্ট সাহিত্যিক তেজাল টেৰণে শুভ উদ্ধোধন কৰা পবিত্ৰ অনুষ্ঠানত কাট নিউজৰ সাংবাদিক বীৰেন ইংহি,অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰানা কাফ্লে,ৰংখাং শিক্ষা খণ্ডৰ সমন্নয়ক বিষ্ণু নিৰলা প্ৰমুখ্যে লাংফাংকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ উপাধ্যায়ৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিয়ে আঁত ধৰে উক্ত কাৰ্যসূচী ৰূপায়ন কৰাত। নাৰায়ণ ভাণ্ডাৰীয়ে লিখিত ভাষণত তেওঁৰ জীৱন আৰু সফলতাৰ আঁৰৰ কথা উল্লেখ কৰি মুগাচং(লাংফাংকী) অঞ্চলৰ নিবাসী ৰানা কাফ্লে,বিষ্ণু নিৰলা,লাংফাংকী এল পি স্কুলৰ প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ উপাধ্যায়,চি ইম তিচ্ছৰ লগতে অঞ্চলটোৰ বহু লোকক শলাগ লয় নাৰায়ণ ভাণ্ডাৰীয়ে।

Related Articles

Leave a Reply

Close