অসম

পুৰণিগুদামত সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাৰ আয়োজন

প্ৰথম খবৰ,পুৰণিগুদাম:বিগত বৰ্ষসমূহত সফলতাৰে শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা অসম নাট্য সন্মিলন,পুৰণিগুদাম শাখাই এইবাৰো অহা ১০ আৰু ১১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যযসূচীৰে সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া উক্ত শিশু নাট প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্দ্ধৰ সকলো শিশু নাট্যদলত সৰ্বাধিক বাৰ গৰাকী শিশু অভিনেতাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ স্বৰ্গীয় ৰাম নাথ চমুৱা সোঁৱৰণী চলন্ত বঁটা,নগদ দহ হাজাৰ টকা আৰু মানপত্ৰ,দাতা-হিৰণ্য কুমাৰ চমুৱা,দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় বানেশ্বৰ শৰ্মা সোঁৱৰণী চলন্ত বঁটা, নগদ সাত হাজাৰ টকা আৰু মানপত্ৰ,দাতা-দূৰ্লভ শৰ্মা,তৃতীয় পুৰস্কাৰ স্বৰ্গীয় হেমকান্ত হাজৰিকা সোঁৱৰণী চলন্ত বঁটা,নগদ পাঁছ হাজাৰ টকা আৰু মানপত্ৰ দাতা-পুলিন হাজৰিকা,শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ স্বৰ্গীয় পুলিন ফুকন সোঁৱৰণী বঁটা নগদ তিনি হাজাৰ টকা আৰু মানপত্ৰ,দাতা-লুই ফুকন,শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ স্বৰ্গীয় নিৰঞ্জন শৰ্মা সোঁৱৰণী বঁটা,নগদ দুই হাজাৰ টকা আৰু মানপত্ৰ,দাতা-জগমোহন শৰ্মা,শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ স্বৰ্গীয় মহেন্দ্ৰ শৰ্মা সোঁৱৰণী বঁটা,নগদ, এহাজাৰ টকা আৰু মানপত্ৰ ,দাতা-অনিল শৰ্মা,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ নাট্যকাৰ,শ্ৰেষ্ঠ সহ:অভিনেতা,শ্ৰেষ্ঠ সহ:অভিনেত্ৰীৰ পুৰস্কাৰ ক্ৰমে এহাজাৰ টকা,বঁটা আৰু মানপত্ৰৰ লগতে প্ৰতিগৰাকী শিল্পী আৰু অংশগ্ৰহণকাৰীক প্ৰমান পত্ৰ প্ৰদান কৰিব বুলি শাখাৰ সভাপতি,সম্পাদক ক্ৰমে জগমোহন শৰ্মা আৰু ৰিন্টু শৰ্মাই জানিবলৈ দিছে৷

উক্ত শিশু নাট প্ৰতিযোগিতাখনত অসম নাট্য সন্মিলনৰ শাখাসমূহৰ লগতে ইচ্ছুক ৰাজ্যৰ অন্যান্য শিশু নাট্য দল সমূহে শিশু উপযোগী নাটকৰ দুটাকৈ পাণ্ডুলিপি তলৰ ঠিকনাত অহা ১ ফেব্ৰুৱাৰীৰ ভিতৰত জমা দিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷নাট্যদলৰ ভৰ্তি মাচুল দুশ টকা৷ যোগাযোগৰ ঠিকনা-সভাপতি, সম্পাদক, বিষ্ণু প্ৰসাদ ৰাভা ভৱন,কাৰ্যালয়,জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়,অসম আৰু অসম নাট্য সন্মিলন,পুৰণিগুদাম,নগাঁও অথবা শৰ্মা বুক এম্প’ৰিয়াম,পুৰণিগুদাম,নগাঁও,পিন-782141, ফোন নং-88768-46237,99540-57402,94354-79934 আৰু 96785-83469৷৷

Related Articles

Leave a Reply

Close