অসম

বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অবৈধভাৱে নদীৰ মাটি কটা দুখন ট্ৰেক্টৰ জব্দ

পঙ্কজ নাথ,চাংসাৰী:মঙ্গলবাৰে  আবেলি কামৰূপ জিলাৰ বেজেৰাৰ নিকটৱৰ্তী মালাৰা আৰু ইছলামপুৰৰ গাতে লাগি থকা বৰনদীৰ পাৰত নদীৰ মাটি অবৈধভাবে কাটি থকা অৱস্থাত বনবিভাগৰ দ্বাৰা দুখন ট্ৰেক্টৰ জব্দ কৰা হয়। চিলা বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত যোৱা এটা বনবিভাগৰ দলে এ এচ ১৩ চি ০৭৪৬ নম্বৰৰ এখন আৰু নম্বৰ বিহীন আন এখন ট্ৰেক্টৰ নদীৰ বালি মাটি কাটি থকা আৰু কঢ়িয়াই নিয়া অৱস্থাত হাতেলোটে ধৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা ট্ৰেক্টৰ দুখন জব্দ কৰাৰ পিছত বনবিভাগৰ দলটোৱে আমিনগাওঁস্হিত চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যলয়লৈ লৈ আহি বনবিভাগৰ সুৰক্ষা কবলত ৰাখে।

Related Articles

Leave a Reply

Close