অসমশীৰ্ষ

বনাঞ্চলৰ পৰা জনাঞ্চলত পবিতৰাৰ এশিঙীয়া গঁড়

প্ৰথম খবৰ,মায়ং:পবিতৰাৰ গঁড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈছে মায়ংৰ গঞা।আজি পুৱাৰ ভাগত ওলাই অহা তিনিটাকৈ গড়ে সন্ত্ৰাস সৃষ্টি কৰিছে মায়ঙৰ কেবাখনো গাঁৱত।প্ৰথমটো গঁড় ওলাই ঝাৰগাঁও দৈপৰাত।এঘৰ মানুহৰ বাৰীৰ পিছফালে জোপোহা হাবিৰ মাজত সোমাই আছে গঁড়তো।বন বিভাগৰ লোক উপস্থিত হৈছে যদিও উভতাই নিব পৰা নাই।তাৰ কিছু সময় পিছত আন দুটা গঁড় ওলাই পকৰিয়া নৈৰ পাৰত বালিমুখ পথাৰত।উক্ত গঁড় দুটা পবিতৰা অভিমুখে যাবলৈ ধৰিছিল যদিও এটা পুনৰ উভতি আহিছে।বৰ্তমান বুৰগাঁও পথাৰত আছে গড়কেইটা।অভয়াৰণ্য কৰ্তৃপক্ষই ঘূৰাই নিয়াৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই।গঁড়ৰ মুক্ত বিছৰণে আতংকিত কৰি চকুত টোপনি নোহোৱা কৰিছে মায়ংবাসীৰ।

Related Articles

Leave a Reply

Close