অসমশীৰ্ষ

বিজনীত নিজ পিতৃয়ে হত্যা কৰিলে নৱজাতকক

বিজনীৰ পৰা মাচুম চৌধুৰী, প্ৰথম খবৰ : চিৰাং জিলাৰ বিজনীৰ পুৰাণ বিজনী গাঁওত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। জন্ম হোৱাৰ এদিন পিছতেই পিতৃ ৰবিউল আলীয়ে হত্যা কৰিলে নিজৰ কনমানি পুত্ৰক।উল্লেখ্য যে, সোমবাৰে ৰাতি নৱজাতকটোক চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ খন্তেক পিছতেই মাজৰাতি পিতৃ ৰবিউলে সংঘটিত কৰে এই নাৰকীয় কাণ্ড।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ৰবিউল আলীৰ ঘৰৰ ওচৰৰে বেগম নামৰ এগৰাকী তিৰোতাৰ সৈতে আছিল অবৈধ সম্পৰ্ক আৰু এই সম্পৰ্কৰ ফলতেই বেগমৰ কথা শুনি নিজ পিতৃয়েই হত্যা কৰিলে নিজৰ এদিনীয়া পুত্ৰক। ইতিমধ্যেই বিজনী আৰক্ষীয়ে আটক কৰিছে পিতৃ ৰবিউল আৰু ৰবিউলৰ সৈতে অবৈধ সম্পৰ্ক ৰখা বেগমক নামৰ তিৰোতা গৰাকীক।

Related Articles

Leave a Reply

Close