অসমউত্তৰ পূবশীৰ্ষৰাষ্ট্ৰীয়

বিজেপি ৰাক্ষসৰ দল:ৰূপহীত সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মনালিছা বেনাৰ্জীৰ বিস্ফোৰণ

প্ৰথম খবৰ,ৰূপহীহাট: সৃষ্টিকৰ্তাই সৃষ্টি কৰোঁতে মানুহৰ মাজত কোনো প্ৰভেদ নাৰাখে। কিন্তু একাংশই নিজৰ সুবিধাৰ বাবে বিভাজনৰ সৃষ্টি কৰে। বিজেপিও দেশত হিন্দু-মুছলমানৰ বিভাজনৰ সৃষ্টি কৰিছে । এই মন্তব্য যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা মনালিছা বেনাৰ্জীৰ। ইয়াৰোপৰি দিল্লীৰ পৰা অহা নেত্ৰী গৰাকীয়ে বিস্ফোৰক মন্তব্য কৰি কয় যে- যি নাথুৰাম গডছেই মহাত্মা গান্ধীক হত্যা কৰিছিল। সেই বিজেপি আৰু আৰ এছ এছে এতিয়া সেই নাথুৰামৰ নামত মন্দিৰ প্ৰতিষ্টা কৰিবলৈ উঠি পৰি লাগিছে । আনকি বিজেপিক যুৱনেত্ৰী গৰাকীয়ে ৰাক্ষসৰ দল বুলিও অভিহিত কৰে ৰূপহীহাট যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত। কেন্দ্ৰীয় কমিটিৰ নেতৃগৰাকীয়ে লগতে কৰ্মীসকলক উদগনি জনাই কয় যে সমগ্ৰ অসমত তেওঁ এইধৰণৰ বহু কেইখন কাৰ্যনিৰ্বাহকত অংশ লৈছে যদিও ৰূপহীহাটৰ দৰে যুৱ কৰ্মী কতোৱেই প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই । হিন্দী আৰু বাংলা ভাষাত ভাষণ প্ৰদান কৰা মনালিছাই কয় যে ৰাজনীতিত মহিলাসকল আগুৱাই আহিব লাগে । মহিলাসকল আগুৱাই আহিলে পুৰুষসকলো আগুৱাই আহিব। তেনেদৰে দলীয় কাম আৰু প্ৰতিবাদ, সজাগতা আদিৰ ক্ষেত্ৰতো মহিলাসকলে প্ৰথম শাৰীত থাকিব লাগে তেতিয়া মহিলাসবলীকৰণৰ কথাটো সুনিশ্চিত হ’ব । ইফালে সমষ্টিখনৰ কলিয়াবৰ যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ উদ্দিন, সম্পাদক ইক্ৰামূল হুছেইন আদিৰ উদ্যোগত আয়োজিত এই বিশাল ৰাজহুৱা সভাখনত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে স্থানীয় বিধায়ক নুৰুল হুদাই । তেওঁ কয় যে পূৰ্বতে বছৰি নিয়মীকৈ সংস্থাপন দি অহা প্ৰধানমন্ত্ৰী মনমোহন সিঙক সমালোচনা কৰিছিল বিজেপিয়ে । কিন্তু পৰিৱৰ্তন আৰু বিকাশৰ কথা কোৱা নৰেন্দ্ৰ মোদীয়ে প্ৰদান মন্ত্ৰী হৈ এতিয়ালৈকে কিমান নিবনুৱাক সংস্থাপন দিলে বুলিও প্ৰশ্ন উত্তাপন কৰাৰ লগতে বিজেপিক চৰকাৰক মিথ্যাচাৰত পাকৈত বুলি তীব্ৰভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে প্ৰায় ৪ হাজাৰ লোকৰ সমাগম হোৱা সভাত তেওঁ কয় যে সংখ্যালঘু এলেকাৰ প্ৰধান সমস্যা নিৰক্ষৰতা । সেয়ে নিৰক্ষৰতা দূৰীকৰণৰ বাবে শীঘ্ৰেই ব্যক্তিগত ভাৱে এক পদক্ষেপ লব বুলি কয়। যাৰ জৰিয়তে সমাজৰ নিৰক্ষৰ লোক সকলক সামান্য হলেও শিক্ষাৰ পোহৰ আৰু শিক্ষা সন্দৰ্ভত সজাগ কৰি তুলিবলৈ সক্ষম হ’ব।

Related Articles

Leave a Reply

Close