অসম

বিহালীত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ: চৰকাৰী বিদ্যালয়ৰ গুণগত মানদণ্ড উন্নত কৰাৰ পৰিকল্পনাৰে আৰম্ভ কৰা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ আজি দ্বিতীয় দিনা বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত নকোণীয়আ প্ৰাথমিক বিদ্যালয়ত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। উক্ত বিদ্যালয়ত পৰিদৰ্শক হিচাপে থাকে বিহালী স্নাতক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰবীন গোস্বামী। আজি বিহালীৰ বিভিন্ন বিদ্যালয়ত দেখা গ’ল এক অনন্য পৰিৱেশ। বিহালীৰ অন্যতম আগশাৰীৰ বিদ্যালয় লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়তো পুৱা পৰিদৰ্শক স্যমন্ত হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিদ্যালয়ৰ সন্মুখত থকা চন্দ্ৰিকা প্ৰসাদ সাহাৰ প্ৰতিমূৰ্তিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে।

Related Articles

Leave a Reply

Close