অসম

ব‍্যৱসায়িক ভিত্তিত গঢ়ি উঠা ইংৰাজী বিদ্যালয়ৰ প্ৰসাৰণে অসমীয়া বিদ্যালয়লৈ সংকট আনিছে:ডঃ নগেন শইকীয়া

প্ৰথম খবৰ,দুলীয়াজান:বিভিন্ন কৰ্মক্ষেত্ৰত নিজস্ব ব্যক্তিত্ব পৰিচয় বহন কৰা দুলীয়াজানৰ অজয় ভট্টাচাৰ্য্য,ডঃ সত্যকাম বৰঠাকুৰ,প্ৰাঞ্জল কুমাৰ বৰুৱা আৰু প্ৰবীণ শইকীয়াৰ দৰে ব্যক্তিৰ জাতীয়তাবাদী ভাবসম্পন্ন চিন্তনত ছমাহ পূৰ্বে গঢ় লৈ উঠিছিল “প্ৰজ্ঞা ন্যাস”। এই “প্ৰজ্ঞা ন্যাস”ৰ উদ্যোগত মাতৃভাষাৰ মাধ্যমত বিজ্ঞানসন্মত শিক্ষাদান আৰু জাতীয় স্বাভিমান ৰক্ষা কৰা লক্ষ্যৰে দুলীয়াজান টিপলিংত স্থাপন কৰা হয় “সাহিত্যৰথী জাতীয় বিদ্যালয়”। আজি এক আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজেৰে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰি স্বনামধন্য পণ্ডিত ডঃ নগেন শইকীয়াই কয়,”২৫ বছৰ পূৰ্বে গুৱাহাটীত পোনপ্ৰথমে আৰম্ভ কৰা অসম জাতীয় বিদ্যালয়ে যি গছি চাকি জ্বলাইছিল,সেই আৰম্ভণিৰে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ বিভিন্ন ঠাইত জাতীয় বিদ্যালয়ৰ চাকি জ্বলি উঠিছে। অসমৰ জাতীয় জীৱনলৈ অহা সংকটৰ সময়তে জাতীয় বিদ্যালয়ৰ স্হাপনে উজ্বল ৰেঙনি আনিবলৈ সক্ষম হৈছে। বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা অনুষ্ঠানটোত মূখ্য অতিথি ৰূপে ভাষণ প্ৰসংগত পণ্ডিত গৰাকীয়ে কয়,”মাতৃভাষা মাতৃৰ দুগ্ধৰ দৰে। দুগ্ধৰ অবিহনে কেচুঁৱা যেনেকৈ সু স্বাস্হ‍্য অধিকাৰী হ’ব নোৱাৰে,তেনেদৰে মাতৃভাষাৰ অবিহনে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰ আচল পথ চিনিব নোৱাৰে। অসমীয়াই উনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা এটা নতুন পৰ্বত ভৰি দিয়েই জাতিৰ পৰিচয় হেৰুৱাৰ যি আশংকা শিৰত তুলি ল’ব লগা হৈছিল,জাতিটোৰ সেই ভাষিক অন্ধকাৰৰ মাজৰ পৰা ভাষাক পুনৰূদ্ধাৰ কৰিবলৈ আমেৰিকাৰ মিছনেৰী সকলকে ধৰি আনন্দৰাম,গুণাভিৰাম, হেমচন্দ্ৰ বৰুৱাৰ দৰে বৰেণ্য ব্যক্তিয়ে আগবঢ়োৱা অৱদান জাতীয় জীৱনৰ পৰা আঁতৰাই থব নোৱাৰি। সেই সাৰথিসকলেই সমগ্ৰ জাতিটোৰ প্ৰাণত এক নতুন ভাষিক জাতীয় চেতনাৰ জাগৰণ সৃষ্টি কৰিলে”। সেইদৰে ডঃ নগেন শইকীয়াই  অসমীয়া ভাষাক ৰাজ্যভাষা হিচাবে প্ৰৱৰ্তন কৰিবলৈ ন-কৈ আন্দোলন কৰাৰ সময়ত যিসকল মুষ্টিমেয় ব্যক্তিয়ে অশালীন শব্দৰে ৰাজ্য ৰক্তাক্ত কৰিছিল, তাৰপাছতো চৰকাৰী কাম কাজত অসমীয়া ভাষা সঠিকভাৱে ব‍্যৱহাৰ নোহোৱাটো ৰাজ্যবাসীৰ বাবে দূভাৰ্গ‍্যজনক বুলি আখ্যা দিয়ে।

আনহাতে ব্যৱসায়িক ভিত্তিত গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰসাৰণ ঘটাটো অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ সংকট নামিছে বুলি পণ্ডিত গৰাকীয়ে উল্লেখ কৰিলেও ইংৰাজী ভাষাৰ শিকণত নুই কৰা নাই। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ছাত্ৰ ছাত্রীয়ে ফেৰ মাৰিব পৰাকৈ মাত্ৰ বিষয় হিচাবে ইংৰাজী ভাষাটোক গুৰুত্ব প্ৰদান দিবলৈ আহ্বান জনায়। সেইদৰেই জাতিটোৰ ডাঙৰ সংকট মূল্যবোধৰ অৱক্ষয়। ছাত্র ছাত্ৰীক নিজৰ ঐতিহ্যৰ পৰিচয়,মূল্যবোধ শিকাব নোৱাৰিলে কেতিয়াও প্ৰকৃত মানুহ সৃষ্টি কৰিব নোৱাৰে বুলি পণ্ডিত গৰাকীয়ে উদ্বেগেৰে কয়। আনহাতে ডঃ নগেন শইকীয়াই জাতিটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ ছাত্র ছাত্ৰীক নিজৰ ভাষাৰ মাধ‍্যমেৰে অতি নীৰৱে গঢ় লৈ উঠা জাতীয় আন্দোলন শৈক্ষিক, অৰ্থনৈতিক আৰু লোকসংস্কৃতিৰ আন্দোলনৰ আভাস দিয়াৰ প্ৰয়োজন বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। অনিতা তামুলীয়ে পৰিবেশন কৰা বৰগীতেৰে মংগলাচ্চৰণ কৰে আজি শুভ অনুষ্ঠান । মিন্টিমণি দাসে আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই প্ৰজ্ঞা ন‍্যাসৰ সভাপতি অজয় ভট্টাচাৰ্যই। প্ৰজ্ঞা ন‍্যাসৰ সচীৱ ডঃ সত্যকাম বৰঠাকুৰে উদ্দেশ্য ব‍্যাখ‍্যা আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সমল ব্যক্তি ৰূপে অসম জাতীয় বিদ্যালয়ৰ ৰেকটৰ ডঃ ৰঞ্জিত নাৰায়ণ ডেকা,সচিব ডাঃ নাৰায়ণ শৰ্মা,দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ‍্যক্ষ পূৰ্ণকান্ত হাজৰিকা,সাহিত্যৰথী জাতীয় বিদ্যালয়ৰ উপদেষ্টা কল্পনা কছাৰী, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলী,দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা প্ৰমুখ্যে অন্যান্য ব্যক্তি সকল উপস্হিত থাকে।

Related Articles

Leave a Reply

Close