অসমউত্তৰ পূবশীৰ্ষ

মুকালমুৱাৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠাত চুৰি,চাইকেল চোৰক গণ প্ৰহাৰ

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ:
চোৰৰ ৰম্যভুমিত পৰিণত হৈছে মুকালমুৱা৷চোৰৰ উপদ্ৰবৰ বাবে নিদ্ৰা হৰিছে আৰক্ষীৰ৷কি বেংক প্ৰতিষ্ঠান কি ব্যৱসায়ীক প্ৰতিষ্ঠান সকলোতে চোৰৰ চাফাই অভিযান৷ এইবাৰ স্থান মুকালমুৱাৰ কাপলাবড়ী৷ মুকালমুৱাৰ কাপলাবড়ীত নিশা মা চুফিয়া জুৱেলাৰ নামৰ সোণাৰী দোকান খনত নিশা চোৰে চলালে অভিযান৷নগদ ধনকে ধৰি চোৰে লুটিলে সোণ-ৰূপৰ অলংকাৰ৷ চফিকুল ইছলাম নামৰ ব্যৱসায়ী জনৰ দোকানৰ পিছ ফালৰ গ্ৰীল কাটি চোৰে দোকান খনৰ পৰা নগদ ৮০ হেজাৰ টকা সহ ৪ লক্ষ্যাধিক টকাৰ সোণ-ৰূপ চুৰি কৰি উধাও হয়৷ব্যৱসায়ী চফিকুল ইছলাম নামৰ ব্যৱসায়ী জনে ইতিমধ্যে দৌলাশাল আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ৷ইপিনে আজি দিন দুপৰতে কাপলাবড়ীৰ সপ্তাহিক বজাৰত এজন চাইকেল চোৰক হাতে-লোটে ধৰি উত্তম-মাধ্যম দি দৌলাশাল আৰক্ষীক গটায় দিয়ে স্থানীয় ৰাইজে৷

উল্লেখযোগ্য যে ৰফিক আলী (২১) নামৰ দুধৰ্ষ চোৰটোৱে দিন দুপৰতে সপ্তাহিক বজাৰ খনৰ পৰা এখন চাইকেলৰ তলা ভাঙি চুৰি কৰি থকা অৱস্থান হাতে লোটে ধৰা পৰি ৰাইজৰ গণ প্ৰহাৰৰ সম্মুখীন হয়৷

Related Articles

Leave a Reply

Close