অসমউত্তৰ পূবশীৰ্ষ

লাহৰীঘাটত ভয়ংকৰ পথ দূৰ্টঘনা,থিতাতেই প্ৰাণ গল অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

লাহৰীঘাটৰপৰা শ্বামিমুল ইছলাম,প্ৰথম খবৰ:ৰাজ্যত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো পথ দূৰ্ঘটনা।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দাঃ চেনিমাৰী গাঁৱত আজি পুৱাতেই সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। টেক্টৰ চালকৰ দৌৰাত্ম্যকৰ ফলত থিতাতেই নিহত হয় ছামিম আলী নামৰ চৈধ্য বছৰীয়া এজন অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰৰ।

উল্লেখ্য যে,অঞ্চলটোত একাংশ কম বয়সীয়া অনুজ্ঞাপত্ৰ বিহীন চালকৰ দৌৰাত্ম্যকৰ ফলত সংঘটিত হয় এই শোকাবহ পথ দূৰ্ঘটনাটো।ছাত্ৰ জনৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে।দূৰ্ঘটনাটো সংঘটিত কৰিয়েই টেক্টৰ চালকজন ঘটনাস্থলীৰ পৰা লগে লগে পলায়ন কৰে। বৰ্তমান লাহৰীঘাট আৰক্ষীয়ে নম্বৰ বিহীন টেক্টৰখন জব্দ কৰাৰ লগতে সমগ্র ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close