অসম

শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱৰাত্ৰিৰ পৰ্যটক পথ পদৰ্শক প্ৰক্ষিশন শিবিৰ আৰম্ভ 

প্ৰথম খবৰ,শিৱসাগৰ: শিৱসাগৰত ১৩ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰিবলৈ লোৱা আন্তঃৰাষ্ট্ৰীয় শিৱৰাত্ৰি মেলা বিদেশী পৰ্যটকক পথ প্ৰদৰ্শক সাতদিনীয়া প্ৰক্ষিশন শিবিৰ আজি শিৱসাগৰ পৰ্যটন কাৰ্যালয়গৃহত শুভাৰম্ভ কৰে জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰে। এই প্ৰশিক্ষনত জিলাখনৰ দহ গৰাকী শিক্ষিত নিবনুৱা যুৱক- যুৱতীয়ে অংশগ্ৰহণ কৰে। বিদেশী পৰ্যটকক বিভিন্ন ভাষা ব্যৱহাৰে শিৱসাগৰৰ বিভিন্ন প্ৰাচীন কীতিচিহ্নসমূহ দৰ্শনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দিয়া প্ৰশিক্ষন শুভাৰম্ভণি অনুষ্ঠান আত ধৰে শিৱসাগৰ সহকাৰী পৰ্যটন তথ্য বিষয়া অনন্যা কাশ্যপে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অভিজিত বৰুৱা,জিলা জনসংযোগ বিষয়া শাৰদী গগৈৰ লগতে সমল তথা প্ৰশিক্ষক ৰঞ্জন কুমাৰ বৰুৱা,প্ৰতীম শৰ্মাৰ ওপৰি জিলাখনৰ জ্যেষ্ঠ  বিষয়াসকল।

Related Articles

Leave a Reply

Close