অসম
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ টিহু অধিৱেশন,সাধনাৰে মাঘৰ মেজিৰ জুইৰ দৰে নাৰীক আৰোহন কৰিবলৈ আহ্বান

চন্দ্ৰপ্ৰভা শইকীয়ানী ক্ষেত্ৰৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: ৰাজ্য ভাষা হৈছে সংখ্যাৰ খেল। চৰকাৰে হিন্দু বাংলাদেশীক অসমত বহুৱালে এই খেলত অসমীয়া ভাষা হাৰিব। যিসকলে অসমীয়া ভাষা উন্নতি আৰু প্ৰচাৰেৰে ভাষাটোক ৰক্ষা কৰাৰ নেতৃত্ব ল’ব পাৰিলেহেতেন তেনে লোকৰ সন্তানে অসমীয়া ভাষা নাজানে। কুৰি বছৰ পিছত অসমীয়া বাতৰি কাকত থাকে নে নাথাকে সন্দেহ আছে। কাৰণ এতিয়া দেখা যায় যে একোটা পৰিয়ালত মাক-বাপেকৰ বাবে অসমীয়া ভাষা আৰু সন্তানৰ বাবে ইংৰাজী ভাষাৰ কাকত চলে। এয়া হৈছে শিক্ষা নীতিৰ চূৰান্ত বিফলতাৰ বাবে। বিগত ৭০ বছৰে ৰাষ্ট্ৰত স্পষ্ট শিক্ষানীতি গা-কৰি নুঠিল। মন্ত্ৰী সলনি হ’লেই শিক্ষানীতি সলনি হয়। শিক্ষানীতি প্ৰস্তুত হয় চৰকাৰৰ খেয়াল-খুছিমতে। শিক্ষাত সমান্তৰালভাৱে দুটা নীতি চলি আছে।ৰাজ্যখনত এতিয়া ব্যক্তিগত শিক্ষানুষ্ঠানত খাবলৈ পোৱা সকলৰ বাবে এক নীতি আৰু চৰকাৰী শিক্ষানুষ্ঠানত খাবলৈ নোপোৱাসকলৰ বাবে অন্য এক নীতি চলি থকাৰ বাবেও অসমীয়া ভাষালৈ চৰম দুৰ্যোগ আহিছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ টিহু হাইস্কুল খেলপথাৰৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ক্ষেত্ৰত আয়োজিত সপ্তবিংশতিতম দ্বি-বাৰ্ষিক টিহু অধিবেশনৰ আলোচনা চক্ৰত আজি সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে এইদৰে কয়।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি বিনীতা দত্তৰ সঞ্চালনাত হোৱা ‘ সাম্প্ৰতিক সন্ধিক্ষণত অসমৰ জাতীয় জীৱনৰ সংকট আৰু ইয়াৰ উত্তোৰণত লেখিকাৰ দায়িত্ব’ শীৰ্য়ক আলোচনা চক্ৰখনত আলোচক হিচাপে ভাগ লৈ ডঃ পাঠকে লগতে কয় যে জাতীয় জীৱনৰ সকলো ক্ষেত্ৰতে সংকট আহিছে। বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনৰ মূল্যবোধৰ চূড়ান্ত অৱক্ষয়ে আমাক বহু পিচুৱাই লৈ গৈছে।ৰাজনৈতিক নেতাৰ দেশসেৱাৰ পৰিৱৰ্তে দেহ সেৱাৰ প্ৰধান্য বাঢ়িছে। সাহিত্যাচাৰ্য গৰাকীয়ে লগতে কয় যে পুৰুষে নাৰীৰ প্ৰতি লৈ অহা দৃষ্টিভংগী নাৰীসকলে সলনি কৰাটো নাৰীমুক্তিৰ প্ৰথম চৰ্ত। সমাজ ব্যৱস্থাত সম্বন্ধ বাচক শব্দবোৰে আমাৰ সংস্কৃতি ৰক্ষাত বিশেষ ভূমিকা লৈছিল।এতিয়া এইবোৰ নোহোৱা হোৱাৰ উপক্ৰম। এতিয়া এই সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব একমাত্ৰ নাৰীসকলৰ। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদক মামণি ভূঞা হাজৰিকাই আঁত ধৰা আলোচনা চক্ৰত ভাগ লৈ নিউয়ৰ্কৰ ৰোড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ডঃ দিলীপ কুমাৰ দত্তই কয় যে জাতিটোৰ আটাইতকৈ ডাঙৰ সংকট হৈছ শিক্ষা আৰু চৰিত্ৰত। সৰ্বজনীন কৃষ্টি-সংস্কৃতি ৰক্ষাৰহে জাতীয় চৰিত্ৰ ৰক্ষা হয়। দুৰ্নীতি নোহোৱা কৰিবলৈ নাৰীসকলেই আগভাগ ল’ব লাগিব বুলিও আন্তৰাষ্ট্ৰীয় খ্যাতিমান শিক্ষাবিদ গৰাকীয়ে কয়। সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই বিংস শতিকাৰ শেষৰ দুটা দহকৰ পৰা বৰ্তমানলৈ পাশ্চাত্য কৰন, ভোগবাদ আৰু বাণিজ্যিক আগ্ৰাসনে সমগ্ৰ জাতীটোলৈ সংকট আনিছে বুলি মন্তব্য কৰি কয় যে গাণিতিক যুক্তি আৰু বৈজ্ঞানিক বিশ্লেষণেৰে সাধনাত ব্ৰতী হৈ মগজু উৰ্বৰ কৰি নাৰীসকল মাঘৰ মেজিৰ জুইৰ দৰে আৰোহণ কৰিব লাগিব। চাবুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডঃ জুনু মহন্তই অংশ লৈ জাতীটোৰ সন্মুখত অহা সীমাহীন সংকট নিৰাময়ৰ বাবে আনে কৰালৈ বাট নাচাই নিজাকৈ উদ্যোগ ল’বলৈ আহ্বান জনায়। টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ জ্যোতিষ ভাগৱতীয়ে বন্তি প্ৰজ্বলনৰে আৰু সুলেখিকা নীলিমা দেৱী ভাগৱতীয়ে গোৱা বৰগীতেৰে শুভাৰাম্ভ কৰা আলোচনা চক্ৰখন নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুনাকান্ত কলিতাই উদ্বোধন কৰে। আবেলি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি অঞ্জলি ব্ৰহ্মৰ সঞ্চলনাত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। নিশালৈ স্থানীয় শিল্পী আৰু শাখাসমূহৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰোৱা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি স্বৰ্ণ বৰুৱা গগৈৰ নেতৃত্বত সমিতিৰ সাতাইছখন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, গছ পুলি ৰোপণৰ পিছতে ৰাজ্যৰ গৃহ বিভাগৰ যুটিয়া সচিব পদ্মনাভ দাসে প্ৰদৰ্শনীৰ দ্বাৰ, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্যই গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰে। কাইলৈ পুৱা গ্ৰন্থ উন্মোচনী সভা, সাহিক্য প্ৰতিযোগিতাৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান, দুপৰিয়া কবি সন্মিলন, আবেলি বিষয় বাছনি সভা আৰু নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী দ্বিপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ সংগীত পৰিৱেশনৰে সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হ’ব। অহা ৩০ জানুৱাৰীত অধিৱেশনৰ সামৰণি পৰিব।