অসমখেলযুৱ

সদৌ অসম সমৰ কলা প্ৰতিযোগিতাত বিহালীৰ ১২ গৰাকী খেলুৱৈৰ কৃতিত্ব অৰ্জন

প্ৰথম খবৰ,বৰগাং: গহপুৰ সমষ্টিৰ অন্তৰ্গত বৰিগাঁৱ তিনিআলিৰ আলিতোলাত বিগত ১৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত মুকলি কুংফু প্ৰতিযোগিতাত অংশ গ্ৰহনৰে বিহালীলৈ সুখ্যাতি- গৌৰৱ কঢ়িয়়াই আনে ১২ প্ৰতিভাৱান সমৰ কলা খেলুৱৈয়ে ৷ গহপুৰ লী মনচুৰিয়াল কুংফু একাডেমীৰ উদ্যোগত ৰাজ্যিক ভিত্তি অনুষ্ঠিত প্ৰতিযোগিতা খনত ৩০-৩৫ কেজি শাখাত জুতিকা দেৱী , ৪১-৪৫ কেজি শাখাত চুইটি ভূঞাঁ, ৪৫-৫০ কেজি শাখাত শিৱানী ৰয়ে প্ৰথম স্থান দখলৰে সোনৰ পদক অৰ্জন কৰে ৷
ইফালে, ৩০-৩৫ কেজি শাখাত প্ৰতিভা শৰ্ম্মা, ৪১-৪৫ কেজি শাখাত সূজিৎ তাঁতি, ৪৫-৫০ কেজি শাখাত গুঞ্জণ শৰ্ম্মা, ৫৫-৬০ কেজি শাখাত দ্বিপজ্যোতি বাউৰীয়ে দ্বিতীয় স্থান দখলৰে ৰূপৰ পদক অৰ্জন কৰে ৷ সিফালে, ২৫-৩০ কেজি শাখাত লিজা ভূঞাঁ, ২১-২৫ কেজি শাখাত অমৃত শ্বাহ, ৪১-৪৫ কেজি শাখাত জাহ্নৱী কূৰ্মী, ৪৫-৫০ কেজি শাখাত সূভাষ চাহু আৰু ৪৫-৫০ কেজি শাখাত কিষাণ পাৰিকে তৃতীয় স্থান দখলৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷
উল্লেখ্য যে, প্ৰশিক্ষক অৰূপ প্ৰজাৰ নেতৃত্বত অংশ গ্ৰহন কৰা প্ৰতিযোগি দলটোৰ ১২ গৰাকী সনৰ কলা খেলুৱৈ বিহালীলৈ সুখ্যাতি তথা গৌৰৱ কঢ়িয়াই অনাত ক্ৰীড়া প্ৰেমী ৰাইজে প্ৰশিক্ষক গৰাকীৰ লগতে কৃতিত্ব অৰ্জনকাৰী খেলুৱৈ সকলক প্ৰশংসা কৰিছে ৷

Related Articles

Leave a Reply

Close