অসমজন বাৰ্তা

সাংবাদিকসকলে সদায় ৰাইজৰ অভাৱ-অভিযোগ, সমস্যাৰ বা-বাতৰিক গুৰুত্ব প্ৰদানেৰে জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগেঃ অনিল শইকীয়া

প্ৰথম খবৰ,ৰূপহীহাট: বৰ্তমান যুগত সাংবাদিক সকলৰ ভুমিকাই অধিক, সমাজ সংস্কাৰৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। সেয়ে সাংবাদিকসকল নিৰপেক্ষভাৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ চিন্তা কৰিব লাগে। –এই মন্তব্য অনিল শইকীয়াৰ । নগাঁৱৰ ৰূপহীহাটৰ স্থানীয় একাংশ সাংবাদিকসকলৰ মঞ্চ হিচাপে আয়োজন কৰা কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি এইদৰে ভাষণ প্ৰদান কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই ।

উল্লেখ্য যে ৰূপহী সংবাদ ক্লাৱ আৰু ৰূপহীহাট ইলেক্ট্ৰনিক মিডিয়া এছচিয়েশ্যনৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন উপলক্ষে গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিয়াউৰ ৰহমান আৰু কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াই ফিতা কাটি কাৰ্যালয়খন উদ্ধোধন কৰে। ইয়াৰ পিছতে গণ অধিকাৰ কাকতৰ সাংবাদিক মেহবুব হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা আৰু প্ৰাগ নিউজ চেনেলৰ সাংবাদিক তথা ৰূপহীহাট ইলেক্ট্ৰনিক মিডিয়া এছচিয়েশ্যনৰ সভাপতি বাহাৰুল ইছলামে সভাপতিত্ব কৰা সভাখনত অতিথিদ্বয়ক নিয়মীয়া বাৰ্তাৰ সাংবাদিক জহিৰুল ইছলাম, এন ই লাইভ আৰু অসম সংবাদৰ সাংবাদিক শ্বামিম ইছলাম আৰু সাংবাদিক গুলজাৰ হুছেইনে ফোলাম গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনায়। মুকলি সভাত অনিল শইকীয়াই লগতে কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অংশীদাৰ ৰূপহীৰ এইসকল সাংবাদিকে সদায়েই ৰূপহীহাটৰ অভাৱ-অভিযোগ আৰু সমস্যাৰ বা-বাতৰি পৰিৱেশনত অধিক গুৰুত্ব দিছে আৰু সদায় সঁচা বাতৰি প্ৰকাশেৰে জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰি আহিছে।এই সভাতে বিজেপিৰ যুৱ নেতাজনে কাৰ্যালয়খন স্থায়ী ৰূপত গঢ় দিয়াৰ বাবে পৰ্যাপ্ত ব্যৱস্থা লোৱাৰ লগতে ইয়াৰ নিৰ্মানৰ বাবে অতি শীঘ্ৰেই ১০ লাখ টকাৰ সাহাৰ্য্য প্ৰদানৰ কথাও ঘোষণা কৰে। লগতে বৰ্তমান সন্মুখীন হৈ থকা বিজুলীৰ সমস্যাৰ পৰা সকাহ পাবলৈ এখন ইনভাৰ্টাৰ দিয়াৰ কথাও ঘোষণা কৰে ।ইফালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিয়াউৰ ৰহমানে সাংবাদিক আৰু আৰক্ষীৰ মাজত এটা সুসম্পৰ্ক থাকে বুলি কৈ সাংবাদিকসকলে সমাজখন আগুৱাই নিয়াত অগ্ৰণী ভূমিকা লব বুলি আশা ব্যক্ত কৰে। সভাখনত অসমীয়া খবৰ কাকতৰ সাংবাদিক তথা ৰূপহী সংবাদ ক্লাৱৰ সম্পাদক মোশ্বাহিদুল ইছলামে নিজৰ ভাষণত প্ৰদানকৈ গণতন্ত্ৰৰ নায়পালিকা, কাৰ্যপালিকা, বিধান মণ্ডল আদি তিনিটা স্তম্ভক চৰকাৰ-প্ৰশাসনে গুৰুত্ব দি আহিছে যদিও সংবাদ মাধ্যমৰ প্ৰতি আজিও এক গা-এৰা মনোভৱ পোষণ কৰা পৰিলক্ষিত হৈছে । সাংবাদিকসকলে বিভিন্ন ঘাত-প্ৰতিঘাত, দুখ-দৈন্যতা আৰু তিক্ততাৰ মাজেৰে জনগণ আৰু শাসন ব্যৱস্থাৰ মাজৰ সেঁতু হিচাপে সমাজৰ বাবে অহৰ্নিশে সেৱা আগবঢ়াই থাকে গতিকে এইসকলৰ প্ৰতি সমানে গুৰুত্ব আৰোপ কৰিব লাগে । আনহাতে একেখন সভাতেই ৰূপহীহাটৰ কবি, সাহিত্যিক মালিক শ্বাহ ৰতনৰ গল্প সংকলন- চিনাকি নদীৰ পৰিতাপ খন অনিল শইকীয়া, বাহাৰুল ইছলাম, জলিল আহমেদ ৰাজে উন্মোচন কৰে। পুথিখন উন্মোচন কৰি অনিল শইকীয়াই কয় যে ৰূপহীৰ নিচিনা ঠাইত এগৰাকী সাহিত্যিকক পাই আমি গৌৰৱবোধ কৰিছো। প্ৰচাৰ বিমুখ লেখক মালিক শ্বাহ ৰতনক আমি সকলো উত্সাহ যোগোব লাগে। গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত সভাখনত সকলোৱে উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জনাই যুৱ সাংবাদিক এম আবু হানিফাই শলাগৰ শৰাই আগবঢ়ায়। ইফালে ৰূপহীৰ সাংবাদিকৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক ক্ষণ বুলি সভাপতি বাহাৰুল ইছলামে বক্তব্য আগবঢ়ায় লগতে কয় যে আজিৰ পৰা আমাৰ দায়িত্ব আৰু অধিক বৃদ্ধি পাইছে । ৰূপহীহাটৰ ৰাইজে কেতিয়াও কোনো অভিযোগ কৰিব নোৱাৰাকৈ আমি অতি সচেতনাতাৰে কাম কৰি যাব লাগিব। আজিৰ সভাখনত অতিথিসকলৰ লগতে ছৈয়দ আব্দুৰ ৰশিদ, মনিৰুল হুছেইন আদি সাংবাদিকসকলৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থকা দেখা যায় ।

Related Articles

Leave a Reply

Close