
প্ৰথম খবৰ,ৰঙিয়া:ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিনক্ষন ঘোষিত নহ’লেও বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে।ৰঙিয়া চহৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ঈদগাহত এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ সভাপতিত্বত অনুষ্টিত সভাত প্ৰদেশ কংগ্ৰেছ সভাপতি তথা সাংসদ ৰিপুন বৰা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বিধায়ক ৰেকিবুদ্দিন আহমেদ বিধায়িকা নন্দিতা দাস সহ কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বক্তা সকলে শাসকীয় বিজেপি দলৰ বিভিন্ন জনবিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে পুনৰ ক্ষমতাত আহিলে এই নীতি সমূহ বিশেষকৈ জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাধ্যতা মূলক শিক্ষাগত অৰ্হতা সন্তানৰ সংখ্যা আদি নীতি বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। সভাত এ ইউ আই ডি এফ চিপিএম আৰু অগপ দলৰ পৰা কংগ্ৰেছ দলত আনুষ্টানিক ভাবে যোগ দিয়ে।