অসমযুৱশীৰ্ষ

বাল্য বিবাহ বন্ধ কৰা বাবেই প্ৰাণ নাশৰ ভাবুকি

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ:প্ৰশংসনীয় কাম কৰিবলৈ গৈ মৃত্যুৰ ভাবুকিৰ সন্মুখীন হ’ল এজন যুৱক৷গোৱালপাৰা জিলাৰ ৰংজুলিৰ বৰপথাৰত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত।বাল্য বিবাহ আধুনিক সমাজ ব্যৱস্থাৰ এক মাৰাত্মক ব্যধি। ৰাজ্য চৰকাৰে বাল্য বিবাহ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহন কৰা সত্বেও বিভিন্ন প্ৰান্তত অব্যাহত আছে বাল্য বিবাহৰ ঘটনা। কিন্তু এই বাল্য বিবাহ বন্ধৰ বাবে অহৰ্নিশে কাম কৰা এজন যুৱক আজি চৰম নিৰাপত্তা হীনতাত ভুগিছে।ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰ গাঁওৰ শ্বাহৰুখ আলী নামৰ এজন যুৱকে বিগত ৬ / ৭ মাহ ধৰি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কাম কৰি গৈছে।আৰক্ষী আৰু আমছুৰ কৰ্মকৰ্তা সকলৰ সহযোগত ইতিমধ্যে শ্বাহৰুখে বন্ধ কৰিছে প্ৰায় ১০০ টা এনে বাল্য বিবাহ। কিন্তু নিজ গাঁও বৰপথাৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ কিশোৰীৰ বিয়া বন্ধ কৰাত শাৰিৰীক আক্ৰমণৰ সন্মুখীন হয় শ্বাহৰুখ আলীয়ে৷কেৱল এয়াই নহয়, মৃত্যুৰ ভাবুকিও দিয়ে যুৱকজনক। অৱশ্যে এয়া প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ এনে ভাবুকি নিৰ্যাতনৰ বলি হৈছে যুৱকজন। যুৱকজনে কৰি অহা এই প্ৰশংসনীয় কামৰ বিপৰীতে পাইছে সামাজিক লাঞ্ছনা। শেষতীয়া ভাৱে চৰম নিৰাপত্তা হীনতাত ভুগিছে যুৱকজন। যুৱকজনলৈ অহা প্ৰাণ নাশৰ ভাবুকিত এতিয়া চিন্তিত পিতৃ মাতৃ তথা পৰিয়ালৰ লোক। তথাপিও ভৱিষ্যতে বাল্য বিবাহৰ বিৰুদ্ধে নিজৰ যুঁজ অব্যাহত ৰাখিব শ্বাহৰুখ আলীয়ে।

এতিয়া প্ৰশ্ন হয়, চৰকাৰ কিম্বা আৰক্ষী প্ৰশাসনে নিৰাপত্তা দিব পাৰিবনে যুৱকজনক? এয়া সচেতন মহলৰ মুকলি প্ৰশ্ন??

Related Articles

Leave a Reply

Close