অসম

আজিৰে পৰা দৰঙত আছুৰ শ্বহীদ সোঁৱৰণী মঙলদৈ গ্ৰন্থ উৎসৱ

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰঃসদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম গোট আন্তঃ মঙলদৈ ছাত্র সন্থা আৰু মংগলদৈ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মংগলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত শ্বহীদ সোঁৱৰণী মঙলদৈ গ্ৰন্থ উৎসৱ -২০১৮ অনুষ্ঠিত কৰিছে ১৬ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ বিভিন্ন কাৰ্য্যসূচীৰে।

আজি ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণৰ লগতে গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰিব সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি মণিমাধৱ মহন্তই, মাহমুদুল হাচানৰ “অনুপস্থিতিৰ আৰ্তনাদ” কাব্যপুথি উন্মোচন কৰিব মংগলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পৰেশ কুমাৰ শৰ্মাই, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া বন্তি প্রজ্বলনেৰে প্ৰথম দিনৰ কাৰ্য্যসূচী সামৰণি পৰিব। বাকীকেইদিন কাৰ্য্যসূচীত বিশিষ্ট ব্যক্তি মণ্ডলী উপস্থিত থকাৰ উপৰিও বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন হ’ব। গ্ৰন্থ উৎসৱত কবি সন্মিলন, আলোচনা চক্ৰ, আধুনিক গীত, লোক সংগীত, পৰম্পৰাগত সাজ পাৰ প্ৰদৰ্শনী, কুইজ প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, শিক্ষক আৰু ছাত্র সমাৰোহ, বাৰেৰহণীয়া দলীয় নৃত্য প্ৰতিযোগিতা, মুকলি সভা আৰু আমন্ত্রিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব আটাইকেইদিনত বিভিন্ন কাৰ্য্যসূচী বুলি জানিব দিয়ে মংগলদৈ মহাবিদ্যালয় আছু গোটৰ সভাপতি মাহমুদুল হাচান আৰু সাধাৰণ সম্পাদক গৌৰাঙ্গ কলিতাই। মংগলদৈ গ্ৰন্থ উৎসৱলৈ সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আছুৰ কৰ্মকৰ্তা সকলে।

Related Articles

Leave a Reply

Close