অসম

আজিৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা:পৰীক্ষাৰ্থীলৈ ছেবাৰ নতুন নিৰ্দেশনা

নিউজ ডেস্ক,প্ৰথম খবৰ: ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ প্ৰথমবাৰৰ বাবে ছেবাই আগবঢ়াইছে এক নতুন নিৰ্দেশনা৷ এই নিৰ্দেশনা অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীয়ে এইবেলি পৰীক্ষাত ক’লা চিয়াহী ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে ছেবাৰ কৰ্তৃপক্ষই৷

এটা পৰীক্ষা কেন্দ্ৰত ২৪ টাকৈ CCTV কেমেৰা সংলগ্ন কৰাৰ ব্যৱস্থা কৰাৰ লগতে কৰ্তব্যৰ সময়ত পৰীক্ষা নিৰীক্ষকৰো মোবাইল ফোন নিষিদ্ধ কৰিছে ছেবাই৷

তদুপৰি অধিক স্পৰ্শকাতৰ কেন্দ্ৰত অধিক নিৰাপত্তাৰক্ষী মোতায়নৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰশ্নকাকত প্ৰেৰণ কৰা গাড়ীত পোনপ্ৰথমবাৰৰ বাবে সংলগ্ন কৰিছে GPSৰ ব্যৱস্থা৷

Related Articles

Leave a Reply

Close