অসম

আৰক্ষী বিষয়া উজ্বল গোস্বামীৰ মহানুভাৱ

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ: নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰাৰ লগতে বহু সময়ত শিমলুগুৰি আৰক্ষীয়ে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে। থানাখনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্বল গোস্বামীৰ নেতৃত্বত বিগত সময়চোৱাত বহু আৰ্তজনক সকাহ দি খাকী পোছাকৰ ভিতৰতো যে একোখন সহজ সৰল মানৱ দৰদী হৃদয় থাকে তাৰ উমান দি আহিছে। যোৱা সময় চোৱাত স্থানীয় বিদ্যালয়ত বৃক্ষ ৰূপন, বহু দৰিদ্ৰ ছাত্র ছাত্ৰী পাঠ্যপুথিৰ লগতে গণবেশ যোগান ধৰা, আৰ্থিক ভাৱে পিছ পৰা প্ৰতিভাবান শিল্পী তথা খেলুৱৈক আৰ্থিক ভাৱে সহায় কৰা, শাৰীৰিক ভাৱে বিশেষ সক্ষম লোকক প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰা, মানসিক ৰোগীক খাদ্য ও বস্ত্ৰ প্ৰদান কৰা, বানাক্ৰান্তলৈ সহায় আগবঢ়োৱা,আশ্ৰয় হীন ৰুগ্ন লোকৰ চিকিৎসা কৰোৱাৰ লগতে কৃৰ্তী শিক্ষাৰ্থীক উদগনি যোগোৱা আদি কাৰ্য্যৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। যোৱা ৮ তাৰিখৰ দিনাও স্থানীয় পথালিগড় অঞ্চলত ঠিকনাবিহীন তথা মানসিক ভাৰসাম্য হেৰুৱা এক বৃদ্ধাক পথালিগড়-চুমনিগাও মহিলা গাঁৱ ৰক্ষী বাহিনীৰ লগতে আদিবাসী ছাত্র সন্থা লাকুৱাৰ সহযোগত উদ্ধাৰ কৰি সম্পূৰ্ণ নতুন বস্ত্ৰ পৰিধান কৰোৱাই আৰু ব্যক্তিগত প্ৰচেষ্টাত গুৱাহাটীৰ বামুণীমৈদামস্থিত মাডাৰছ অল্ড এজ হোমলৈ প্ৰেৰণ কৰে। সমাজৰ এনে চাম লোকক সদা সহায়ৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া উজ্বল গোস্বামীৰ সতে উপ সহকাৰী পৰিদৰ্শক বিষ্ণু সৰকাৰে সহযোগীতা আগবঢ়োৱাত কোনোদিনে কৃপণালী কৰা নাই। আৰক্ষী লোকৰ এনে পদক্ষেপৰ বাবে স্থানীয় যুৱ প্ৰজন্মৰ মাজত সমাজ সেৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাটো এক শুভ লক্ষণ বুলি সচেতন ম’হলে শলাগ লৈছে।

Related Articles

Leave a Reply

Close