অসম

উদণ্ড যুৱ বাইক চালকৰ খুন্দাত গুৰুতৰভাৱে আহত মেট্ৰিক পৰীক্ষাৰ্থী

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰঃ আজি পুৱাই ঢকুৱাখনা মাতমৰা অঞ্চলৰ খামন বিৰিণাগাঁৱৰ সমীপত অল আছাম মিৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী উদণ্ড যুৱ বাইক চালকৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ব লগা হয়। মাতমৰা অঞ্চলৰ বলীন দলে আৰু ৰীণা দলেৰ জী স্বীনাৰাণী দলে ঘৰৰ পৰা পৰীক্ষালৈ বুলি খোজকাঢ়ি গৈ আছিল। পৰীক্ষা কেন্দ্ৰৰ সন্মুখ পাবলৈ মাথোঁ কেইমিটাৰমান থাকোতেই পিছফালৰ পৰা এএছ ২২-এ-৮৪৪১ নম্বৰৰ টি ভি এছ বাইক এখনে স্বীনাৰাণীক প্ৰচণ্ড খুন্দা মৰাত তেওঁ পকী ৰাস্তাত বাগৰি পৰি গুৰুতৰভাৱে আহত হয়। লগে লগে বাইক চালকে পলায়ন কৰে ঘটনাস্থলীতে পৰা। প্ৰত্যক্ষদৰ্শীয়ে লগে লাগে ১০৮ সেৱাৰ গাড়ী মাতি ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ সহযোগত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে। স্বীনাৰাণীয়ে মূৰ আৰু কঁপালত গুৰুতৰ আঘাত পায়। ইফালে ঘটনাৰ খবৰ পায়ো পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ একো খবৰেই নল’লে। ঘটনাস্থলীত এৰি থৈ যোৱা বাইকখন বৰ্তমান ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close