অসম

এন.এচ.চি.এন. আটক জয়ৰামপুৰত

প্ৰথম খবৰ,জাগুন:ডাও ডিভিজনৰ অন্তৰ্গত অসম ৰাইফলছৰ জয়ৰামপুৰস্থিত সেনাই আজি দক্ষিণ অৰুণাচল প্ৰদেশৰ চংকিং গাওঁত হঠাৎ এক অভিযান চলাই এন এচ চি এন (আৰ)ৰ দুই দুধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়। আজিৰ অভিযান কালত সেনাৰ হাতত কৰায়ত্ব হোৱা এই দুটা উগ্ৰপন্থী হল ক্ৰমে-ছাননং মাছা আৰু জীমৰেবিছ কিমছিং। উগ্ৰপন্থী দ্বয়ক কৰায়ত্ব কৰা মুহুৰ্ত্তত সেনাই এটা পিস্তল,এটা মেগজিন,৬ জাঁ‌ই সজীৱ গুলী আৰু কিছু বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ডিমাপুৰত প্ৰশিক্ষণ প্ৰাপ্ত এই উগ্ৰপন্থী দুটাই দীৰ্ঘদিনৰ পৰা অৰুণাচল প্ৰদেশৰ মিয়াও ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমুহত ধন দাবীৰে জনসাধাৰণক ব্যতিব্যস্ত কৰি আহিছিল বুলি সেনা সূত্ৰই প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close