অসমশীৰ্ষ

কলগাছিয়াৰ গুনিয়ালগুৰিত অগ্নিদগ্ধ নৱম শ্ৰেণীৰ ছাত্ৰীৰ অকাল মৃত্যু

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ:কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাৱৰ আব্দুল খালেকৰ বাসগৃহত হোৱা এক ভয়ানক অগ্নিকাণ্ডত খালেকৰ কন্যা তথা কোকিলা বীণা পানী হাইস্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী হাবিজা খাতুন সম্পূৰ্নভাৱে অগ্নিদগ্ধ হয় । হাবিজা খাতুনক সংকট জনক অৱস্থাত কলগাছিয়াৰ চিভিল হাস্পতালত ভৰ্ত্তি কৰা হয় যদিও ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়। ছাত্ৰী গৰাকীৰ মৃত্যুত এলেকাটোৰ বিভিন্ন শিক্ষা অনুষ্ঠানত শোকৰ ছাঁ বিৰাজ কৰিছে।

উল্লেখযোগ্য যে, শ্বটচাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত পৰিয়ালটোৰ দুটাকৈ বাসগৃহ, নথিপত্ৰ আদি ভষ্মীভূত হোৱাৰ লগতে কেবালক্ষাধিক টকাৰ সা-সম্পত্তিও পুৰি ছাই হয়। ইফালে ছাত্ৰী গৰাকীৰ মৃত্যুত বৰপেটা জিলা আমছু, এন এছ ইউ আই, বিজেপি, কংগ্ৰেছ, চিপি আই এম, এআই ইউ ডি এফ, কলগাছিয়া মহকুমা সাংবাদিক সন্হা আদিকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত্য ছাত্ৰী গৰাকীৰ পৰিয়াল বৰ্গলৈ ১০ লাখ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । এইক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসন, বিধায়ক আব্দুল খালেক, কলগাছিয়া ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অজিৎ কলিতাৰ দৃষ্টি গোচৰ কামনা কৰি অচিৰেই সাহাৰ্য্যৰ ব্যৱস্থা কৰিবলৈ গাঁও বাসীয়েও দাবী উত্থাপন কৰিছে ।

Related Articles

Leave a Reply

Close