
এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৱে ভেলেণ্টাইন ডে’ৰ দিনা অসমবাসীক উপহাৰ দিবলৈ সাজু হৈছে। উপহাৰটি এটি নতুন গীতৰ এলবাম “ইপাৰ-সিপাৰ”। বৰ্তমান মুম্বাইত প্ৰতিষ্ঠিত শিল্পীজনে মুম্বাইৰ ইউফ’নি ষ্টুডিঅ’ত এলবামটোৰ গীতকেইটা ৰেকৰ্ডিং কৰে। আটাইকেইটা গীতৰে প্ৰডাকচন আৰু ছাউণ্ড ডিজাইনিং ইশান দাস আৰু মনোজ বৰঠাকুৰৰ। গীতিকাৰ দীগন্ত ভাৰতী,ইবচন লাল বৰুৱা আৰু বিজিয়েতাৰ।
উল্লেখযোগ্য যে,এলবামটোৰ এটা গীতত কণ্ঠদান কৰিছে বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা “গেৰুৱা” খ্যাত অন্তৰা মিত্ৰাই। আন এটা গীতত কণ্ঠদান কৰিছে নিক্ষিতা শৰ্মাই। বেকিং ভ’কেলত আছে গৰিশা নাথ আৰু মধুস্মিতা বৰঠাকুৰ। “মিক্সিং এণ্ড মাষ্টাৰিং” ভাস্কৰ শৰ্মাৰ।
বৰ্তমানলৈ এলবামটোৰ কোনো এটি গীতৰ ভিডিঅ’ মুক্তি দিবৰ সাজু নহয় যদিও পৰবৰ্তী সময়ত ভিডিঅ’ তৈয়াৰ কৰাৰ কথা “প্ৰথম খবৰ”ৰ সাংবাদিকৰ আগত ব্যক্ত কৰিছে কণ্ঠশিল্পী দিক্ষুৱে।