অসম

খেৰণিৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ,সপ্তাহ দিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণি সংৰক্ষিত বনাঞ্চলত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয় আজি পোৱাৰ ভাগত। খৱৰৰ ভিত্তিত উদ্ধাৰস্থলীত উপস্থিত হয় খেৰণি বন বিভাগৰ বনকৰ্মী । ইতিমধ্যে উদ্ধাৰ হোৱা বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি সপ্তাহ দিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বন বিভাগে। ঘটনাৰ বিৱৰণি অনুসৰি যোৱাকালি এজন খৰিকটিয়াই খৰি কাটিবলৈ উক্ত বনাঞ্চলত প্ৰৱেশ কৰিছিল। আৰু ইয়াৰ পাছতেই বনাঞ্চলখনৰ ঘন জংঘলৰ পৰা শুকান খৰি সংগ্ৰহ কৰি থাকোতেই হঠাৎ খৰিকটিয়া জনে মৃত অৱস্থাত পৰি থকা উক্ত বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰে। লগে লগে খৰিকটিয়া জনে বনাঞ্চলখনৰ পৰা উভতি আহি সন্ধিয়া ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰে। পৰিপ্ৰেক্ষিতত আজি পুৱা বন বিভাগৰ এটা দল গৈ ঘটনাস্থলিত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষা কৰে। এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত মৃত্যুৰ কাৰণ স্পষ্ট হ’ব বুলি জানিবলৈ দিয়ে খেৰণি বন বিভাগৰ বনকৰ্মীয়ে।

Related Articles

Leave a Reply

Close