অসমশীৰ্ষ

ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰিলে কোনে!!

নিউজ ডেস্ক,প্ৰথম খবৰ: ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হৈছে এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা। নিশাৰ ভিতৰতে দাউদাউকৈ জ্বলি উঠিল ধুবুৰী জিলাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়। ক্ষুদ্ধ হৈ পৰিছে গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যৰ লগতে স্থানীয় একাংশ লোক। ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লংনিত তেৰণ।

প্ৰাপ্ত তথ্য মতে, অগ্নি সংযোগ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত বৰ্তমান সন্থাৰ সদস্য সকলে মুখত ক’লা কাপোৰ বান্ধি ১২ ঘণ্টীয়া ধৰ্ণাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

Related Articles

Leave a Reply

Close