অসম

চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা নকৰাৰ প্ৰতিবাদত বিহালীত পল্লৱলোচন দাসৰ প্ৰতিমূৰ্তি দাহ

প্ৰথম খবৰ,বৰগাং: চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত আজি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিয়ে চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা ঘোষণা নকৰাৰ প্ৰতিবাদত শ্ৰম মন্ত্ৰী পল্লব লোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ৬ মাৰ্চৰ পথ অৱৰোধৰ সমৰ্থনত বাগিচাই বাগিচাই ব্যাপক পোষ্টাৰিঙ আৰু গেট সভা অনুস্থিত কৰে।

উল্লেখযোগ্য যে, অসম চাহ মজদুৰ সংঘই আহ্বান দিয়া বাগিচা বন্ধৰ প্ৰভাব বিহালী অঞ্চলত সৰ্বাত্মকভাবেই পৰে। কেটেলা আৰু মোনাবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলে আজি সমদলো বাহিৰ কৰে। আনহাতে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সদস্যসকলে বৰগাঁঙ, বিহালী, মোনাবাৰী চাহ বাগিচাত শ্ৰম মন্ত্রী পল্লব লোচনৰ মূৰ্তি দাহ কৰে। অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক বিবেক দাসে সংঘৰ বৰগাঁওস্থ কেন্দ্ৰীয় কাৰ্যালয়ত এই প্ৰতিবেদকৰ আগত শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে বিধান সভাৰ মজিয়াত মন্ত্ৰী গৰাকীয়ে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰন কৰাৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ বিপৰীতে বোকা ছটিওৱা খেলত লিপ্ত হৈছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ হকে সক্ৰিয়ভাৱে মাত মাতি থকা ট্ৰেড ইউনিয়নক মজুৰি উপদেষ্টা বৰ্ডত অন্তৰ্ভুক্ত নকৰি শ্ৰম মন্ত্ৰী গৰাকীয়ে যি চাহ শ্ৰমিক-বিৰোধী ৰাজনীতি কৰিছে সেয়া গৰিহণাযোগ্য। আনহাতে, ৩৫০ টকা মজুৰিৰ প্ৰশ্নত অসম চাহ মজদুৰ সংঘৰ স্থিতিও অস্পষ্ট বুলি মন্তব্য কৰে দাসে।তেখেতে কয় যে চাহ শ্ৰমিকসকলে ইমান কম মজুৰি লাভ কৰাৰ বাবে অসম চাহ মজদুৰ সংঘ কম জগৰীয়া নহয়। ১৯৪৮ চনৰ নূন্যতম মজুৰি আইন উলংঘন কৰি অসম চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ স্বাৰ্থ জলাঞ্জলি দি কেৱল মালিকগোষ্ঠীৰ স্বাৰ্থতে ইমান বছৰে শ্ৰমিকৰ মজুৰি নিৰ্দ্ধাৰণ কৰি আহিছে বুলি দাসে মন্তব্য কৰে।

Related Articles

Leave a Reply

Close