অসম

চেঙাৰ ছাটাগাঁওৰ মানসিক বিকাৰগ্ৰস্ত কিশোৰ নিৰুদ্দেশ 

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ:
বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাটাগাঁওৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত কিশোৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে ছাটাগাঁওৰ তজপ আলীৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ তাজিনুল হকে (১১) দেওবাৰে পুৱা ৬ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। কিশোৰজনে ভালদৰে কথা ক’ব নোৱাৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়াৰ লগতে কিশোৰজনে ৰঙা ৰঙৰ চুৱেটাৰ আৰু হাফপেন্ট পৰিধান কৰি ঘৰৰ পৰা ওলাই গৈছিল বুলি জনায়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ লগতে আত্মীয়- কুটুম্বৰ ঘৰত বিচাৰ খোচৰ কৰিও কিশোৰগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে তাৰাবাৰী আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। নিৰুদ্দিষ্ট এই কিশোৰজনৰ কোনোবাই যদি কিবা সন্ধান পায় তেতিয়া হ’লে ওচৰৰ আৰক্ষী থানা নাইবা 9707556409, 7637859867 আৰু 90706991257 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close