অসমবৰপেটা

চেঙাৰ ভোগেৰপাৰত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় চৰকাৰৰ

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ভোগেৰপাৰ গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কৰিবলৈ আজি গাঁওখনত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি বৰ্গৰ এটি দল। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে আঁচনিসমূহ কিমান সঠিক ভাবে ৰূপায়ণ হৈছে তাৰ বুজ লয়। প্ৰতিনিধি দলটোত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ এফ চি ডি,কনচাল্টটেন্ট দীনা নাথ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ এন আৰ আৰ ডি এ, সহকাৰী সঞ্চালক চি পি এচ যাদৱ উপস্থিত থাকে বুলি জানিব পৰা গৈছে। বৰ্তমান ভোগেৰপাৰত জলসম্পদ বিভাগৰ কেইবা কোটি টকাৰ আঁচনিৰ কাম চলি থকাৰ লগতে ডি আৰ ডি এৰ তৰফৰ পৰা দহ লাখ আৰু চল্লিশ লাখ টকীয়া দুখন আঁচনিৰ কামো চলি আছে। স্থানীয় ৰাইজে আঁচনি সমূহ সঠিক ৰূপায়ণ কৰাৰ বাবে বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে। উল্লেখ্য যে, উক্ত প্ৰতিনিধি দলটো বাঘবৰৰ পাহাৰপুৰৰ গৰাখহনীয়া অঞ্চলো পৰিদৰ্শন কৰে।

Related Articles

Leave a Reply

Close