অসমউত্তৰ পূবশীৰ্ষ

জিএনএলৰ সেনাধক্ষ্যৰ সন্ধান দিওতালৈ দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণাৰ পিছতেই প্ৰচণ্ড গুলীত নিহত মুখ্য সেনাধক্ষ্য

প্ৰথম খবৰ,হাটছিঙিমাৰীঃ যোৱা এসপ্তাহ পূৰ্বে চুবুৰীয়া ৰাজ্য মেঘলায়ৰ পূব গাৰো পাহাৰ জিলাত জিএনএলএ  নামৰ উগ্ৰপন্থী সংগঠনটোই এন চি পিৰ এগৰাকী প্ৰাৰ্থী সহ মুঠ চাৰিজন লোকৰ ওপৰত আইইডি বিস্ফোৰণ ঘটোৱাৰ উপৰিও নিৰ্বিচাৰ গুলী বৰ্ষণ কৰি হত্যা কৰাৰ পিছত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্যৰ সন্ধান দিওতালৈ মেঘালয় আৰক্ষীয়ে দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই আজি ৰাতিপুৱাৰ ভাগত আৰক্ষীৰে জিএনএলএৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত সেনাধক্ষ্য গৰাকী নিহত হোৱাত মেঘালয় আৰক্ষীয়ে বৃহত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ আটাইতকৈ শক্তিশালী গাৰো উগ্ৰপন্থী গাৰো নেশ্বনেলিষ্ট লিবাৰেশ্বন আৰ্মী চমুকৈ জিএনএলএ যোৱা ১৮ ফেব্ৰুৱাৰী নিশা প্ৰায় ৮ বজাত ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব বিচৰা এনচি পিৰ প্ৰাৰ্থী জোনাথন এন চাংমাৰ বাহনত আইইডিৰে আক্ৰমণ চলোৱাৰ উপৰিও
নিৰ্বিচাৰ গুলী বৰ্ষণ কৰে। উগ্ৰপন্থীৰ এনে বৰ্বৰ গুলীচালনাৰ ফলত এনচিপিৰ প্ৰাৰ্থী গৰাকীৰ লগতে মুঠ চাৰি গৰাকী লোক নিহত হয়। ঘটনাক লৈ ৰাজ্যখনৰ লগতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পাছতেই মেঘালয় আৰক্ষীয়ে জিএনএলএৰ সেনাধক্ষ্য গৰাকীৰ সন্ধান দিওতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰ ঘোষনাৰ পিছতেই গোপন সুত্ৰৰ পৰা আৰক্ষীয়ে সেনাধক্ষ্য গৰাকী পূব গাৰো পাহাৰ জিলাতে আত্মগোপন কৰি থকাৰ সন্ধান পোৱাৰ পিছত আজি ৰাতিপুৱাৰ
ভাগত ৰাজ্যখনৰ বিশেষ আৰক্ষীৰ দল এটা অভিযান চলাবৈল আৰম্ভ কৰে। জিলাখনৰ ডবু থানাৰ অধীনস্থ আচাকপেক গাওঁৰ পাহাৰৰ মাজত আত্মগোপন কৰি থকাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতেই পুৱাৰ ভাগত আৰম্ভ কৰিছিল অভিযান। তেওঁৰ সৈতে আৰু কেইবাজনো সদস্য লগত আছিল। আৰক্ষীৰ সৈতে মুখামুখি হোৱাৰ পিছতেই আৰম্ভ হৈছিল প্ৰচণ্ড গুলীয়াগুলী। এই গুলীয়াগুলীত উগ্ৰপন্থী সংগঠনটোৰ সেনাধক্ষ্যগৰাকী থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ সৈতে থকা আন সদস্য কেইবাজনো পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পিস্তল, গুলীকে ধৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। মেঘালয় আৰক্ষীৰ এই সফলতাৰ ফলত ৰাজ্যখনৰ আৰক্ষীয়ে প্ৰসংসাৰ পাত্ৰ হৈ পৰিছে যদিও সেনাধক্ষ্য গৰাকীৰ সন্ধান কোনে দিলে তাক লৈ ৰাজ্যখনত সকলোৰে মাজত আলোচনা আৰম্ভ হৈছে।

একাংশই দাবী কৰা মতে আৰক্ষীক সেনাধক্ষ্য গৰাকীৰ সহযোগীয়েই সন্ধান দিয়াত
আৰক্ষীয়ে সহজে সফলতা লাভ কৰিব পৰাৰ লগতে বাকী সদস্য সকল পলায়ন কৰিবলৈ
সুযোগ পাইছে।

Related Articles

Leave a Reply

Close