অসম

টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ প্ৰস্তুতি

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ:টিহু মহকুমাৰ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ অন্যতম বাটকটীয়া বিবেকানন্দ বিদ্যা নিকেতনৰ ২৫ বৰ্ষ পূৰ্তি উপলক্ষে শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী উৎসৱ উদ্‌যাপনৰ বিষয়ে আলোচনাৰ্থে আজি শিক্ষানুষ্ঠানখনৰ চৌহদত এখন সভা অনুষ্ঠিত হয়। নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত অহা ১২ অক্টোবৰৰ পৰা তিনিদিনীকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিদ্যালয়খনৰ শিক্ষক হিতেশ মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিদ্যুৎ বিভাগৰ অৱসৰী বিষয়া লক্ষী শৰ্মা, সেৱা নিবৃত্ত প্ৰধান শিক্ষক অনিল কুমাৰ গোস্বামী, সেৱা নিবৃত্ত শিক্ষক তৰণী চৌধুৰী, সেৱা নিবৃত্ত বিষয় শিক্ষক গিৰীশ ভট্টাচাৰ্য, বিদ্যালয়খনৰ প্ৰাক্তন সঞ্চালক তিশ্ৰুতিৰে প্ৰমোদ ডেকা আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। এই সভাত ৰূপালী জয়ন্তী উৎসৱ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কৰুণাকান্ত কলিতাক সভাপতি, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দীপালী ডেকাক মুখ্য সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতি গঠন কৰা হয়।

Related Articles

Leave a Reply

Close