অসম

ডিমৌত গঁড়ৰ খৰ্গ সহ গ্ৰেপ্তাৰ এজন

প্ৰথম খবৰ,ডিমৌঃ ক্ৰমাত উজনি অসমত সক্ৰিয় হৈছে গঁড়ৰ চোৰাং ব্যৱসায়। দেওবাৰে মাজনিশা শিৱসাগৰ জিলাৰ ডিমৌত উদ্ধাৰ হয় এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ সৈতে গ্ৰেপ্তাৰ হয় এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ডিমৌৰ সমীপৰ বকতা চান্দবেছাৰ শলমাৰী গাঁৱৰ কপিল কাহাঁৰ বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন প্ৰায় ডেৰ কেজি। তদুপৰি ধৃত কপিল কাহাঁৰৰ ঘৰৰপৰা গঁড়ৰ খৰ্গটোৰ লগতে নকল সোণৰ এটা পিতলৰ টেকেলি আৰু ১০ বান্দোল নকল ধনৰ আৰ্হিও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী আৰু উপ-আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱালৰ নেতৃত্বত বকতা নেমুগুৰি থানাৰ সহকাৰী পৰিদৰ্শক বিজয় সন্দিকৈয়ে চলোৱা এক অভিযানত এই সফলতা অৰ্জন কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দেওবাৰে মাজনিশা তালাচী চলাই লোকজনৰ ঘৰত উদ্ধাৰ কৰে উক্ত গঁড়ৰ খৰ্গ, নকল সোণ আৰু নকল নোট প্ৰস্তুত কৰা কাগজৰ বান্দোল। লক্ষণীয় কথা যে, কম দিনতে অগাধ সম্পত্তিৰ মালিক হোৱা শলমাৰী গাঁৱৰ কপিল কাহাঁৰৰ আছে চাৰিখনকৈ ব্যক্তিগত গাড়ী, তিনিখনকৈ মটৰ চাইকেল, বুজন পৰিমাণৰ বেংক বেলেঞ্চ আৰু নিজ গাঁৱতে ক্ৰয় কৰা প্ৰায় ৫০ বিঘা মাটি। ইয়াৰ ওপৰিও নিৰ্মীয়মান অৱস্থাত আছে এটা অট্টালিকা। আৰক্ষীৰ এই সফলতাৰ পিছত কপিলৰ সৈতে চোৰাংচিকাৰী চক্ৰৰ সম্পৰ্ক থকাটো স্পষ্ট হৈ পৰিছে।

Related Articles

Leave a Reply

Close