অসম

ঢকুৱাখনাত ৫ টা স্থানত আধাৰশিলা স্থাপন

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ: “বিজেপি চৰকাৰে ৰাজ্যৰ জনসাধাৰণক সুনিশ্চিত নিৰাপত্তা প্ৰদানৰ লগতে সামাজিক উন্নয়নৰে এখন উন্নয়নমূলক ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গ্ৰামাঞ্চলৰ উন্নতি হ’লেহে আমাৰ দেশ তথা ৰাজ্য উন্নত হ’ব” -এই মন্তব্য অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ।

আজি ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত বলাইঘাটৰ পৰা আমগুৰি সংযোগী পথ, কালভাট আৰু দলঙৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী দলেই সম্বোধন কৰে ৰাজহুৱা সভা। সভাত মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই কয় যে- বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে কোনো প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ হেতু জনসাধাৰণে অতি প্ৰয়োজনীয় বাট-ঘাটৰ সূচল যোগাযোগৰ পৰা বঞ্চিত হৈ আছিল। বিজেপি নেতৃ্ত্বাধিন ৰাজ্য চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি সকলো পালন কৰিব। সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিশেষ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলি কয় মন্ত্ৰী নৱ কুমাৰ দলেয়ে।

উল্লেখ্য যে, বহুদিন ধৰি জৰাৰ্জীণ হৈ থকা সমষ্টিটোৰ গুৰুত্বপূৰ্ণৰূপে বিবেচিত পথটোৱেদি ৰাইজে অহা–যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ২০১৭-১৮ বৰ্ষৰ লখিমপুৰ ৰাজ্যিক গড়কাপ্টানী পথ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত ১১ কোটি ৫৮ লাখ টকা ব্যয়-সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৪.৫ কিলোমিটাৰ পথছোৱাই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া এক জলন্ত সমস্যা সমাধান কৰিব বুলি তেওঁ বক্তব্য প্ৰকাশ কৰে। আজিৰ এই সভাত ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, লখিমপুৰ ৰাজ্যিক গড়কাপ্টানী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা পৱন কুমাৰ দাস, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰদীপ দলে,ঢকুৱাখনাৰ নিৰ্বাচনী বিষয়া ডেভিদ কুমাৰ বৰা, বিশিষ্ট শিক্ষাবিদ সৰ্বেশ্বৰ সূত বৰুৱা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইফালে মন্ত্ৰী গৰাকীয়ে আজি প্ৰথমে ঢকুৱাখনা ঘুনাসূতি গড়কাপ্টানী পথৰ পৰা মহঘুলি চাপৰি কাংকান নগৰ সংযোগী পথটোৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে ক্ৰমে সোণাৰী চাপৰিত এটা গ্ৰাম্য পুঁথিভৰাল আৰু প্ৰেক্ষাগৃহ, কেকুৰিৰ বৰজান নদীৰ ওপৰত বাঁহৰ দলং আৰু বালিদেউৰি থানত অতিথিশালা নিৰ্মাণ আঁচনিৰ আধাৰশিলা মুকলি কৰে। মন্ত্ৰীগৰাকীৰ আজিৰ দিনটোৰ কাৰ্য্যসূচীত ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি যতীন বৰুৱা, সাধাৰণ সম্পাদক প্ৰদীপ চমুৱাৰ লগতে অন্য বহুতো দলীয় নেতা কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close