অসম

তালাপৰ গৰু বজাৰত অঘটন,বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমন

প্ৰথম খবৰ, তালাপ :-
তিনিচুকীয়া জিলাৰ তালাপৰ দেওবৰীয়া বজাৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা এজন বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক আক্ৰমন কৰাৰ ঘটনাই বৌদ্ধিক মহলক সচকিত কৰি তুলিছে । ঘটনাৰ বিবৰণি মতে DY 365 চেনেলৰ সাংবাদিক নোৱান্টিক ওৰাঙে গৰুৰ বজাৰৰ ফটো লৈ থকাৰ সময়তে তালাপৰে নিবাসী আমজাদ আলিৰ নেতৃত্বত এটা দলে আক্ৰমন কৰাৰ লগতে কেমেৰা , ল’গ আৰু মবাইল ফোনটো কাঢ়ি লৈ যায় । ঘটনাস্থলিৰ নাতি দুৰৈত থকা তালাপ আৰক্ষী চকীলৈ দৌৰি গৈ সাংবাদিক জনে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। এই ঘটনা সম্পৰ্কত সাংবাদিক গৰাকীয়ে আৰক্ষী চকীটোত এখন এজাহাৰ দাখিল কৰিছে । তালাপৰ বাবে এক নোহোৱা নোপজা এই ঘটনাক ডুমডুমা আৰু ছৈখোৱা প্ৰেছ ক্লাব, তিনিচুকীয়া জিলা সাংবাদিক সন্থাই গৰিহনা দিয়াৰ লগতে দোষীক শীঘ্ৰেই শাস্তিৰ ব্যবস্থা আৰু সাংবাদিক সুৰক্ষাৰ ব্যবস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । ইফালে এই আক্ৰমন গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমন বুলি অভিহিত কৰি ডাঙৰী আৰু ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা , আটছাৰ তালাপ শাখা, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষী ব্যক্তিক অতি শীঘ্ৰে উচিত শাস্তিৰ ব্যবস্থা কৰাৰ দাবী তুলিছে ।

Related Articles

Leave a Reply

Close