অসম
দিখৌমুখ উচ্চতৰ মাধ্যমিকৰ সহ শিক্ষয়িত্ৰী ৰঞ্জনা নেওঁগৰ অকাল মৃত্যু

দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ,প্ৰথম খবৰ: দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়ত্ৰী তথা একেখন বিদ্যালয়ৰে ইংৰাজী বিষয় শিক্ষক প্ৰবীন গগৈৰ পত্নী গৌৰীসাগৰ নকটানিৰ নিবাসী ৰঞ্জনা নেওঁগ গগৈৰ(৪৫) আজি সন্ধ্যা প্ৰায় অকাল মৃত্যু ঘটে৷ প্ৰাপ্ত বাতৰি অনুসৰি গৌৰীসাগৰ ইণ্ডাষ্টিয়েল ইনষ্টিটিউট উচ্চতৰ মাধ্যমিকত অনুস্থিত হোৱা সৰ্বশিক্ষা অভিযান মিছনৰ শিকন ফলাফলৰ প্ৰশিক্ষণ সমাপ্ত কৰি ঘৰ সোমোৱাৰ পিছতে শিক্ষয়িত্ৰী গৰাকী উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ সন্ধ্যা অসুস্থ হৈ পৰে৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক শিৱসাগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ বুলি লৈ যায় যদিও চিকিৎসালয় নৌপাওঁতেই শিক্ষয়িত্ৰী গৰাকীৰ অকাল মৃত্যু ঘটে৷ উল্লেখ্য অতি অমায়িক, মৃদুভাষী অৰ্থনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী মেধাৱী শিক্ষয়িত্ৰী গৰাকীয়ে ১৯৯৮ চনতে শিক্ষকতা বৃত্তিত জড়িত হৈ শিক্ষকতাৰ সেৱা আগবঢ়াই আহিছিল৷ দিখৌমুখৰ উচ্চতৰ মাধ্যমিকত উচ্চতৰ মাধ্যমিক শাখাত অৰ্থনীতি বিজ্ঞানৰ শিক্ষা দিয়া শিক্ষয়িত্ৰী গৰাকীৰ আজি হঠাৎ অকাল মৃত্যু হোৱাৰ খবৰে গৌৰীসাগৰৰ লগতে সমগ্ৰ দিখৌমুখ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে৷ চিকিৎসালয়ৰ পৰা শিক্ষয়িত্ৰী গৰাকীৰ মৃতদেহ গৃহলৈ লৈ অহাৰ পিছতে আজি সন্ধ্যাই দিখৌমুখ উচ্চতৰ মাধ্যমিকৰ কৰ্তৃপক্ষই তেওঁৰ মৃতদেহ বিদ্যালয় প্ৰাংগনলৈ লৈ আনি এক শ্ৰদ্ধাঞ্জলি অনুস্থান অনুষ্ঠিত কৰে৷ উক্ত অনুস্থানতে সমৱেত বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী বৃন্দৰ লগতে দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষয়িত্ৰী গৰাকীৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শিক্ষয়িত্ৰী গৰাকীয়ে মৃত্যুৰ সময়ত স্বামী সহ দুগৰাকী কণমানি পুত্ৰ আৰু পৰিয়াল স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷